স্তিমিত হোৱা নাই ‘ককৰোচ জনতা পাৰ্টি’ৰ প্ৰতিবাদ। শনিবাৰে পুৱতি নিশা দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰৰ প্ৰতিবাদস্থলীৰ পৰা সোণম ৱাংচুকক চফদৰজং চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পিছতে অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰাৰ কথা সামাজিক মাধ্যমযোগে সদৰি কৰিছে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকেই।
এক্সত প্ৰকাশ কৰা এক বাৰ্তাত অভিজিৎ দীপকেই কয়, “মই এই মুহূৰ্তৰ পৰাই অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছোঁ।”
ইয়াৰ পূৰ্বে অনশনৰ ২১তম দিনত স্বাস্থ্যৰ অৱনতি ঘটাত সোণম ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰে দিল্লী আৰক্ষীয়ে। আৰক্ষীয়ে স্পষ্ট কৰে যে, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিয়েই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কিন্তু আৰক্ষীৰ এই পদক্ষেপৰ পিছতে যন্তৰ মন্তৰত নতুন বিতৰ্কৰ সূচনা হয়। আৰক্ষীয়ে তেওঁক মাৰপিট কৰাৰ লগতে আটক কৰা বুলি অভিযোগ উত্থাপন কৰে অভিজিৎ দীপকেই। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীয়ে বলপ্ৰয়োগ কৰা বুলিও তেওঁ অভিযোগ কৰে।
অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি দিল্লী আৰক্ষীয়ে কয় যে, সোণম ৱাংচুকক কেৱল প্ৰয়োজনীয় চিকিৎসা আগবঢ়োৱাৰ উদ্দেশ্যেই চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰাৰ সময়ত কিছুমান প্ৰতিবাদকাৰীয়ে বাধা দিয়াত সামান্য হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল বুলিও আৰক্ষীয়ে স্পষ্ট কৰে যে, সমগ্ৰ অভিযান সংযম বজাই সম্পন্ন কৰা হৈছে। প্ৰতিবাদকাৰীসকলক শান্তিপূৰ্ণভাৱে প্ৰতিবাদস্থলী খালী কৰিবলৈও আহ্বান জনায় আৰক্ষীয়ে।
উল্লেখ্য যে, নীট পৰীক্ষাত সংঘটিত হোৱা বুলি উত্থাপিত অনিয়মৰ অভিযোগ, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ন্যায়িক তদন্ত আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবীত ২০ জুনৰ পৰা যন্তৰ মন্তৰত আন্দোলন চলাই আহিছে ‘ককৰোচ জনতা পাৰ্টি’ই। সেই আন্দোলনৰ সমৰ্থনত ২৮ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল সোণম ৱাংচুকে।
ইফালে, সোণম ৱাংচুকক চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ পিছতো আন্দোলন বন্ধ হোৱা নাই। সৰ্বভাৰতীয় ছাত্ৰ সন্থাৰ কৰ্মী নেহা, আমিন আৰু মনীষেও যন্তৰ মন্তৰত অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে।
