আশীৰ্বাদে উদযাপন কৰিছে ৰঙালী বিহু

1170

দেশৰ সৰ্বাধিক বিক্ৰী হোৱা পেকেটযুক্ত আটা ব্ৰেণ্ড আশীৰ্বাদ আটাই প্ৰতি বছৰে অসময়ীৰ প্ৰাণৰ উত্সৱ ৰঙালী বিহুৰ মাদকতা উপভোগ কৰাৰ লগতে উদযাপন কৰি আহিছে। এইবেলি ৪ দিনীয়াকৈ ৰঙালী বিহুৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত ভাগ লৈছিল ৯,০০০ৰো অধিক বিহুবলীয়া ৰাইজে, অংশগ্ৰহণকাৰীৰ এই অভূতপূৰ্ব সঁহাৰিয়ে ৰচিলে নতুন অভিলেখ, এই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে আটাইতকৈ দীঘলীয়া বিহুৰ স্বীকৃতি প্ৰদান কৰিলে।

ঐতিহ্যমণ্ডিত লতাশিলৰ বাকৰিত আয়োজিত আশীৰ্বাদ শুদ্ধ চাক্কি আটা পেণ্ডেলত অসমৰ বৰ্ণিল সংস্কৃতি প্ৰদৰ্শন কৰা হৈছিল, য’ত জাপি, ঢোল আৰু গামোচাৰ দৰে চিনাকি প্ৰতীকসমূহ প্ৰদৰ্শন কৰা হৈছিল। আনহাতে প্ৰতি মুহূৰ্ততে গুঞ্জৰিত ঢোলৰ গুমগুমনিয়ে অংশগ্ৰহণকাৰী আৰু দৰ্শকক মোহিত কৰিলে। আশীৰ্বাদ ব্ৰেণ্ডে অংশগ্ৰহণকাৰীসকলক নিজৰ এআই-উৎপন্ন বিহুৰ অৱতাৰ, বিহুৰ লগত প্ৰাসংগিক ব্যক্তিগতকৃত স্মাৰক উপহাৰ প্ৰদান কৰি পৰম্পৰাগত উদযাপনত আধুনিক টুইষ্ট সংযোজন কৰে। স্বাস্থ্য আৰু সকলোৰে কল্যাণ আৰু উদযাপন দুয়োবিধৰ সংমিশ্ৰণেৰে আশীৰ্বাদ আট্টা পেণ্ডেলত উপস্থিত ৰাইজৰ বাবে সাংস্কৃতিক কাৰ্যসূচী আৰু খেল-ধেমালিৰ আয়োজন কৰা হৈছিল।

ব্ৰেণ্ডটোৰ শ্লোগান “নিজকে ফিট আৰু সক্ৰিয় কৰি ৰাখিবলৈ সঠিক পৰিমাণৰ ফাইবাৰ” প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে উৎসাহেৰে অংশগ্ৰহণ কৰিছিল। আকৰ্ষণীয় প্ৰতিযোগীতাত বিজয়ীক পুৰস্কাৰেৰে উত্সাহ জনাই ব্ৰেণ্ডৰ বাৰ্তাক মূৰ্ত কৰি তোলাৰ ক্ষেত্ৰত সফলভাৱে প্ৰতিফলিত হৈছিল। আইটিচি লিমিটেডৰ ষ্টেপলছ এণ্ড এডজাচেন্সিজৰ চিঅ’অ’ অনুজ ৰুস্তাগীয়ে লতাশিলৰ এই কাৰ্যসূচীত ৰাইজৰ সঁহাৰি আৰু অভূতপূৰ্ব অংশগ্ৰহণ আপ্লুত হৈ আনন্দ প্ৰকাশ কৰি কয় যে, “এই উদযাপনত অৰিহণা যোগোৱা আৰু অভিলেখ সৃষ্টি কৰাত সহায় কৰা প্ৰতিজন ব্যক্তিলৈ আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”