অসম চৰকাৰৰ পাৰ্চনেল বিভাগে ৰাজ্যপাল প্ৰদত্ত এক নিৰ্দেশ যোগে অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ সচিব দেৱজিৎ দাসক ৭ নৱেম্বৰত লোক নিৰ্মাণ বিভাগৰ ( পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ ) আয়ুক্ত আৰু বিশেষ সচিব পদলৈ পদোন্নতি দিছে। পাৰ্চনেল বিভাগৰ সচিব সীমান্ত কুমাৰ দাস স্বাক্ষৰিত নিৰ্দেশটোত দেৱজিৎ দাসে নতুন পদত যোগদান কৰাৰ পাছৰে পৰা এই নিৰ্দেশ কাৰ্যকৰী হব বুলি উল্লেখ কৰা হৈছে। উল্লেখ্য যে এসময়ৰ মেধাৱী ছাত্ৰ হিচাপে পৰিচিত দেৱজিৎ দাসে তেতিয়াৰ গড়কাপ্তানী তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগত ১৯৯৬ চনত সহকাৰী অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত মুখ্য অভিযন্তা হিচাপে পদোন্নতি লাভ কৰাৰ পাছত পৰৱৰ্তী সময়ত অসম চৰকাৰে তেওঁক বিভাগৰ সচিব আৰু আজি তেওঁক অত গুৰুত্বপূৰ্ণ আয়ুক্ত আৰু বিশেষ সচিব পদলৈ পদোন্নতি দিয়া হয়। প্ৰায় ৩০ বছৰীয়া চাকৰিকালত শদিয়াৰ পৰা ধুবুৰীলৈ লোক নিৰ্মাণ বিভাগত বিভিন্ন গুৰুত্বপূৰ্ণ দলং, অতি দুৰ্গম অঞ্চল আৰু পাহাৰীয়া অঞ্চলত বাট – পথ নিৰ্মাণ, পুনৰ নিৰ্মাণ, মেৰামতি আদি কাৰ্যৰ লগত জড়িত হোৱাৰ বহু অভিজ্ঞতা টকা দেৱজিৎ দাসৰ এই নতুন নিযুক্তিয়ে বিভাগটোক শক্তিশালী কৰিব বুলি বিভাগৰ অভিযন্তাসকলে আশা ব্যক্ত কৰিছে। একেদৰে সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সমান্তৰালভাৱে তেওঁ বিভিন্ন সামাজিক – সাংস্কৃতিক অনুষ্ঠানৰ লগতো জড়িত হৈ আছে।
