যি স্থানত জীৱনৰ অন্তিম ভাষণ প্ৰদান কৰি চিৰবিদায় লৈছিল, সেই স্থানতেই এইবাৰ স্থাপন কৰা হ’ল দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ‘মিছাইল মানৱ’ ড০ এ পি জে আব্দুল কালামৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। তেওঁৰ ১১সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইএম) শ্বিলঙত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজতে এই প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।
প্ৰতিষ্ঠানটোৰ ব’ৰ্ড অৱ গভৰ্ণৰ্ছৰ অধ্যক্ষ শিশিৰ কুমাৰ বাজোৰিয়াই আইআইএম শ্বিলঙৰ সঞ্চালক অধ্যাপক ড০ অৰুণ মোহন শ্বেৰী, ব’ৰ্ডৰ সদস্য, অধ্যাপক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীৰ উপস্থিতিত ৮ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে।
প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে, ড০ কালামৰ শিক্ষা, উদ্ভাৱন আৰু ৰাষ্ট্ৰ গঠনৰ আদৰ্শক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে এই পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। আইআইএম শ্বিলঙৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্কৰো ই এক স্থায়ী স্মাৰক হিচাপে বিবেচিত হ’ব।
উল্লেখযোগ্য যে, ২০১৫ চনৰ ২৭ জুলাইত “আমাৰ গ্ৰহটো কেনেকৈ অধিক বাসোপযোগী কৰি তোলা যায়” শীৰ্ষক বিষয়ত আইআইএম শ্বিলঙত নিজৰ অন্তিম ৰাজহুৱা ভাষণ প্ৰদান কৰি থাকোঁতেই ড০ কালাম অসুস্থ হৈ পৰে আৰু পিছত তেওঁৰ মৃত্যু ঘটে।
সেই অন্তিম ভাষণত ড০ কালামে চৰকাৰ, শিক্ষানুষ্ঠান, বিজ্ঞানী, উদ্যোগ আৰু বিশেষকৈ যুৱ সমাজক উদ্ভাৱন, পৰিৱেশ সংৰক্ষণ আৰু নৈতিক নেতৃত্বৰ জৰিয়তে এখন বহনক্ষম পৃথিৱী গঢ়ি তোলাৰ আহ্বান জনাইছিল।
আইআইএম শ্বিলঙৰ শিক্ষাৰ্থীসকলে আজিও তেওঁক “কালাম ছাৰ” হিচাপে স্মৰণ কৰে। প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা মতে, যুৱ সমাজৰ শক্তিৰ ওপৰত তেওঁৰ অগাধ আস্থা আৰু মূল্যবোধভিত্তিক নেতৃত্বৰ আদৰ্শই এতিয়াও প্ৰতিষ্ঠানখনৰ শিক্ষা, গৱেষণা আৰু উদ্ভাৱনমূলক কাৰ্যসূচীক দিশ নিৰ্দেশনা দি আহিছে।
অনুষ্ঠানৰ অন্তত প্ৰতিষ্ঠানটোৰ অধ্যাপক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে নতুনকৈ স্থাপন কৰা প্ৰতিমূৰ্তিটোৰ সন্মুখত পুষ্পাঞ্জলি অৰ্পণ কৰি ড০ কালামক শ্ৰদ্ধাৰে স্মৰণ কৰে।
