এটা পুৰণি অট্টালিকা ভাঙি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল ৬ জনকৈ লোকে। মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱাণ্ডীত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এই মৰ্মান্তিক ঘটনাই পুনৰ এবাৰ জৰাজীৰ্ণ অট্টালিকাৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰশাসনে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১১ বজাৰ পৰা ১১:৩০ বজাৰ ভিতৰত চাৰিমহলীয়া ‘কহিনুৰ’ আবাসিক অট্টালিকাটোৰ ‘বি’ অংশ হঠাতে খহি পৰে। এই দুৰ্ঘটনাত বৰ্তমানলৈ ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।
তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, ভিৱাণ্ডী-নিজামপুৰ পৌৰ নিগমে পূৰ্বেই অট্টালিকাটো বিপদজনক বুলি ঘোষণা কৰিছিল। তাৰ পাছতো ভৱনটোত মেৰামতিৰ কাম চলি আছিল।
চাৰিমহলীয়া অট্টালিকাটোত মুঠ ৪৮টা কোঠা আছিল। দুৰ্ঘটনাৰ কিছু সময় পূৰ্বে অট্টালিকাটোৰ পৰা ফাট মেলাৰ শব্দ শুনি স্থানীয় লোকসকলে বহু পৰিয়ালক নিৰাপদ স্থানলৈ উলিয়াই নিয়াত সক্ষম হয়। কিন্তু কেইবাজনো লোক বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰি থকা অৱস্থাতে অট্টালিকাটোৰ এটা অংশ খহি পৰাত ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰে।
ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিক্ৰিয়া বাহিনীয়ে সদৰি কৰা মতে, উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। ধ্বংসস্তূপৰ তলত আৰু কেইবাজনো লোক আবদ্ধ হৈ থকাৰ আশংকাত অভিযান চলাই থকা হৈছে।
উদ্ধাৰ অভিযানত এনডিআৰএফ, ভিৱাণ্ডী অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় আৰক্ষী, জিলা প্ৰশাসন আৰু প্ৰশিক্ষিত কুকুৰৰ দলো অংশগ্ৰহণ কৰিছে। দুখন এম্বুলেঞ্চ আৰু এখন জেচিবি মেচিনো উদ্ধাৰ কাৰ্যত নিয়োজিত কৰা হৈছে।
প্ৰশাসনে উল্লেখ কৰা মতে, ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰা লোকসকলৰ সন্ধান অব্যাহত থকাৰ লগতে দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে।
