এতিয়াৰে পৰা ৪ টাৰ সলনি জি এছ টিত থাকিব মাত্ৰ দুটা শ্লেব। সেয়ে হৈছে ৫% আৰু ১৮%। ইয়াৰ ফলত চাবোন, চেম্পু, এচি আৰু গাড়ীৰ সামগ্ৰী সুলভ হ’ব। জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৩ ছেপ্টেম্বৰত এই ঘোষণা কৰে। বিত্তমন্ত্ৰী সীতাৰমনে কয় যে গাখীৰ, ৰুটি, পৰঠাকে ধৰি বহু খাদ্য সামগ্ৰী জি এছ টি বিনামূলীয়া হ’ব। ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত কোনো ধৰণৰ কৰ নাথাকিব।
৩৩ টা জীৱন ৰক্ষাকাৰী ঔষধ, বিৰল ৰোগ আৰু গুৰুতৰ ৰোগৰ ঔষধো কৰমুক্ত হ’ব। বিলাসী সামগ্ৰী আৰু ধঁপাতজাতীয় সামগ্ৰীয়ে এতিয়া ২৮%ৰ পৰিৱৰ্তে ৪০% জি এছ টি পৰিশোধ কৰিব লাগিব। মজলীয়া আৰু ডাঙৰ গাড়ী, ৩৫০চিচিতকৈ অধিক ইঞ্জিন থকা মটৰ চাইকেল এই স্লেবৰ তলত আহিব।
নৱৰাত্ৰিৰ প্ৰথম দিন অৰ্থাৎ ২২ ছেপ্টেম্বৰৰ পৰা নতুন শ্লেব কাৰ্যকৰী হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যদিও ধঁপাতজাতীয় সামগ্ৰীৰ ক্ষেত্ৰত নতুন ৪০% জি এছ টি হাৰ এতিয়াও প্ৰযোজ্য নহ’ব। এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে সাধাৰণ মানুহক সকাহ দিয়া, ক্ষুদ্ৰ ব্যৱসায়ীক সহায় কৰা আৰু ধঁপাতৰ দৰে ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰি ব্যৱহাৰ হ্ৰাস কৰা।
