অসম চৰকাৰে বিধানসভাত জনায় যে মুঠ 267.5 কিঃমিঃ অসম-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত 228.541 কিঃমিঃ কাঁইটীয়া তাঁৰৰ বেৰেৰে সুৰক্ষিত কৰা হৈছে। ভৌগোলিক কাৰণ আৰু বাংলাদেশৰ আপত্তিৰ বাবে 38.959 কিঃমিঃ সীমান্ত এতিয়াও বেৰাবিহীন হৈ আছে।
বিধানসভাত এখন প্ৰশ্নৰ উত্তৰত চৰকাৰে কয় যে অসম-বাংলাদেশ সীমান্ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ মাজেৰে বিস্তৃত। Survey of India ৰ তথ্য অনুসৰি ইয়াৰ মুঠ দৈৰ্ঘ্য 267.5 কিঃমিঃ।
চৰকাৰ মতে, বেৰাবিহীন 38.959 কিঃমিঃৰ ভিতৰত 34.609 কিঃমিঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ নদী অঞ্চলত পৰিছে। ভূ-প্ৰকৃতিৰ কাৰণে এই অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰা নিৰ্মাণ সম্ভৱ নহয়। আনহাতে শ্ৰীভূমি জিলাৰ কুশিয়াৰা নদীৰ পাৰৰ 4.35 কিঃমিঃ অঞ্চলত ভাৰতীয় বসতি নদীপাৰত থকাৰ কাৰণে Border Guard Bangladesh (BGB) য়ে আপত্তি জনোৱাত বেৰা দিয়া সম্ভৱ হোৱা নাই।
চৰকাৰে স্পষ্ট কৰে যে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। বেৰা দিয়া সম্ভৱ নোহোৱা দুৰ্বল নদী অঞ্চলত নজৰদাৰী বৃদ্ধিৰ বাবে Border Security Force (BSF) য়ে Comprehensive Integrated Border Management System (CIBMS) নিয়োগ কৰিছে। লগতে ভাসমান Border Outpost স্থাপন আৰু নিয়মিত নৌ-টহল চলোৱা হৈছে। পৰ্যবেক্ষণ চকী, বাহন টহল, CCTV কেমেৰা, PTZ কেমেৰা আৰু BSF Water Wing ৰ জৰিয়তেও নজৰদাৰী কৰা হৈছে।
শ্ৰীভূমি জিলাৰ কুশিয়াৰা নদীৰ পাৰৰ বাকী থকা 4.35 কিঃমিঃ অঞ্চলটোও BSF ৰ দ্বাৰা নিৰন্তৰ নজৰদাৰীত আছে।
চৰকাৰে আৰু জনায় যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰই Border Area Development Programme (BADP) ৰ ঠাইত নতুনকৈ Vibrant Village Programme-II আৰম্ভ কৰিছে। আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ বাবে ৰাজ্য চৰকাৰে Border Development Activities, Border Outpost আৰু Border Outreach Programme ৰ দৰে আঁচনি ৰূপায়ণ কৰি সীমান্ত অঞ্চলৰ আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থা শক্তিশালী কৰিছে।
