ভাৰত-বাংলাদেশৰ সীমান্তৰে অব্যাহত আছে বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ। ইয়াৰ মাজতে এইবাৰ গুজৰাটৰ আহমেদাবাদত আৰক্ষীৰ জালত পৰিল কমেও ১৬৬ জন অবৈধ অনুপ্ৰৱেশকাৰী। কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ বসবাস কৰি থকাৰ অভিযোগত জিলাখনৰ আৰক্ষীয়ে বুধবাৰে এই লোকসকলক কৰায়ত্ত কৰে।
ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীৰ অধ্যক্ষতাত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকৰ সিদ্ধান্ত মৰ্মে ‘অপাৰেচন ডেল্টা হাণ্ট’ নামৰ এই বিশেষ অভিযান চলোৱা হয়। সমগ্ৰ গুজৰাটত বৃহৎ সংখ্যক বাংলাদেশী নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰে।
আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ, এছ অ’ জি স্কোয়াড আৰু স্থানীয় বিভিন্ন থানাৰ কৰ্মীৰে গঠিত ৩০ টাতকৈও অধিক দলে এই অভিযান চলায়। আহমেদাবাদ জিলাৰ নাৰোদা, দানিলিমদা, ভাতভা আৰু জুহাপুৰাৰ দৰে অঞ্চলসমূহত চলোৱা এই অভিযানকালত প্ৰায় ৩০০ জন সন্দেহযুক্ত লোকক সোধা-পোছাৰ বাবে আটক কৰা হয়। ইয়াৰে ১৬৬ জনৰ নাগৰিকত্ব বাংলাদেশী বুলি ইতিমধ্যে নিশ্চিত কৰা হৈছে।
আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই লোকসকলৰ একাংশই ভুৱা উপায়েৰে ভাৰতীয় পৰিচয় পত্ৰও সংগ্ৰহ কৰিছিল। ধৃত লোকসকলে কেনেকৈ দেশত প্ৰৱেশ কৰিলে আৰু ইয়াৰ পৰা কেনেকৈ ধন প্ৰেৰণ কৰিছিল, সেই সন্দৰ্ভত বৰ্তমান জেৰা অব্যাহত আছে। বিগত বৰ্ষৰ দৰেই এইসকল অবৈধ নাগৰিকো অতি শীঘ্ৰে বাংলাদেশলৈ ডিপ’ৰ্ট কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
