ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনৰ মজিয়াত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। বাজেট দাখিলৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাজট সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। তেওঁ কয় যে এইবাৰৰ বাজেটৰ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ হৈছে ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকা। অৰ্থাৎ এইবাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে ডেৰ লাখ কোটি টকাৰ সংখ্যা অতিক্ৰম কৰিলে আৰু অনুমান কৰিব পাৰোঁ যে মাৰ্চৰ ভিতৰত আৰু দুখন বিধানসভা অধিবেশন হ’ব আৰু দুয়োবাৰে বাজেটৰ ধন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
সেয়ে বাজেটৰ ধন ১ লাখ ৫৬ হাজাৰ কোটিতকৈ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকি যাব। সকলো দিশৰ পৰা আৰু ৰাজ্যৰ বিকাশৰ বাবে আজি বাজেটখন অত্যন্ত উল্লেখনীয় বাজেট। আজিৰ বাজেটখন ৰাজহ নিউট্ৰেল বাজেট। ৰাজহ ব্যয় আৰু ৰাজহ উপাৰ্জন সমান কৰা হৈছে এইবাৰৰ বাজেটত। ১০০ টকা যদি ৰাজহৰূপে লাভ কৰিছো ১০০ টকা ব্যয় কৰা হ’ব। ২০১৫-১৬ ত মূলধনী ব্যয় ২,৯৫১ কোটি টকা।
এইবাৰৰ বাজেটত ২৯ হাজাৰ কোটি টকা কৰা হৈছে। এইবাৰৰ বাজেটখন টেক্স নিউট্ৰেল বাজেট। কিছু কিছু ক্ষেত্ৰত কৰ হ্ৰাস কৰা হৈছে কিন্তু কিছু নতুনকৈ কৰ আৰোপ কৰা হোৱা নাই। ৰাজ্যত প্ৰথমবাৰলৈ প্ৰদূষিত উদ্যোগসমূহত সেউজ কৰা আৰোপ কৰা হৈছে। সেই কৰ বাজেটলৈ নগৈ বনানীকৰণত ব্যয় কৰা হ’ব।
