ৰেলীৰ সময়তে বন্দুকধাৰীৰ আক্ৰমণত গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান…

72

ৰেলীৰ সময়তে বন্দুকধাৰীৰ আক্ৰমণ চলিত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত।

বৃহস্পতিবাৰে পাক প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ৰেলীত দুৰ্বৃত্তই চলোৱা গুলীচালনাত গুৰুতৰভাৱে আহত হয় ইমৰান খান।

এই ঘটনাত ইমৰান খানৰ দলৰ আন ১৫ জন সদস্যও আহত হোৱা বুলি জানিব পৰা গৈছে।

গুলীবিদ্ধ হৈ আহত হোৱা ইমৰান খানত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে নাৱেদ বছিৰ নামৰ বন্দুকধাৰীজনক।

আক্ৰমণৰ কাৰণত এতিয়াও জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, ইমৰাণ খানৰ ৰাজনৈতিক দল পাকিস্তান তেহৰিক-ই ইনছাফে বৃহস্পতিবাৰে ‘ৰিয়েল ফ্ৰিডম’ ৰেলী অনুষ্ঠিত কৰিছিল।

এই ৰেলীৰ সময়ত এখন গাড়ীত আছিল দলৰ নেতা ইমৰাণ।

ৰেলী আগবঢ়াৰ সময়তে ৱাজিৰাবাদৰ জাফৰ আলী চ’কৰ সমীপত হঠাৎ গুলীচালনা হয়।

সূত্ৰ অনুসৰি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গাড়ীত নিৰ্বিচাৰে গুলীচালনা কৰে বন্দুকধাৰীয়ে।

পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁৰ সোঁ ভৰিত কমেও ৪-৫ টা গুলী লাগে।

লগে লগে ইমৰাণৰ লাহোৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।

পিটিআইৰ চিনেটৰ ফৈজল আহমেদে প্ৰকাশ কৰা মতে, এই আক্ৰমণত দলৰ এজন নেতাৰো মৃত্যু হৈছে। তদুপৰি বহু নেতা কৰ্মী আহত হয়।

পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ইমৰাণ খানৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০০৭ চনত ৰাৱালপিণ্ডিত আক্ৰমণৰ বলি হৈছিল প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ ইমৰাণ খান।