ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ৭ ৰোহিংগীয়াক ত্ৰিপুৰাত আটক

5298

ত্ৰিপুৰাত কমেও ৭ জন অবৈধ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি আটকাধীন অবৈধ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী কেইজন বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ শ্বুনামুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

আগৰতলা-অসম ঘাইপথৰ কাষৰ এখন চেক গেটত ত্ৰিপুৰা আৰক্ষীয়ে তেওঁলোকক আটক কৰে।

ধৃত অবৈধ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰীৰ ভিতৰত আছে তিনিগৰাকী মহিলাও।

গ্ৰেপ্তাৰ হোৱা অবৈধ ৰোহিংগীয়া অনুপ্ৰৱেশকাৰী কেইজন হ’ল- মহম্মদ একবাল হুছেইন (৬০), আব্দুল গাফুৰ (৩০), আজিম উল্লাহ (২২), মহম্মদ জাহাংগীৰ আলম (২০), জন্নত আৰা (২১), সদিয়া বেগাম (১৯) আৰু দিলবাহাৰ বেগাম (৪৫)।

ভুৱা ভাৰতীয় নথি-পত্ৰ লৈ বাংগালুৰুলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।