২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ উৎফুল্লিত হৈ পৰিছে দেশবাসী। এই ভব্য অনুষ্ঠানত ৭ হাজাৰ অতিথিয়ে অংশগ্ৰহণ কৰিব। কেৱল হিন্দু ধৰ্মাৱলম্বীয়েই নহয়, দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকো উৎফুল্লিত হৈ পৰিছে ৰাম মন্দিৰৰ অভিষেকক লৈ।
তেনে এক মুছলমান পৰিয়ালেই হ’ল মুম্বাইৰ নিৱাসী শ্বাহবাজ ৰাথোড়ৰ পৰিয়াল। ৰাম মন্দিৰৰ অভিষেকৰ আনন্দত শ্বাহবাজ ৰাথোড়ৰ পৰিয়ালে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ মুদ্ৰা। স্বৰ্ণ বৰণৰ মুদ্ৰাৰ এটা পিঠিত ৰাম মন্দিৰৰ প্ৰতিৰূপ থকাৰ বিপৰীতে আনটো পিঠিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম।
এই পৰ্যন্ত ৩ হাজাৰ মুদ্ৰা প্ৰস্তুত কৰা মুছলমান পৰিয়ালটোৱে ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ অহা বিশেষ ৰামভক্ত সকলৰ মাজত মুদ্ৰাখিনি বিতৰণ কৰাৰ ইচ্ছা ব্যক্ত কৰিছে। পৰিয়ালটোৱে কয় যে তেওঁলোকে শীঘ্ৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ হাতত অৰ্পণ কৰিব এই মুদ্ৰাখিনি।
উল্লেখ্য যে, শ্বাহবাজ ৰাথোড়ৰ পত্নী প্ৰিয়া জন্মগতভাৱে এগৰাকী হিন্দু। মুম্বাইত এটা নিজাকৈ ফিল্ম প্ৰডাকচন হাউচ চলাই থকা প্ৰিয়া ৰাথোড়ে কয়, ‘আমি প্ৰথম ভাৰতীয়, তাৰ পিছতহে মুছলমান।’
ইফালে শ্বাহবাজ ৰাথোড়ে কয় যে মুদ্ৰাখিনি প্ৰস্তুত কৰাৰ ধাৰণা অহাৰ পিছত প্ৰথমে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল যদিও তাৰ পৰা কোনো ইতিবাচক সঁহাৰি নোপোৱাত উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ সৈতে যোগাযোগ কৰে। অতি শীঘ্ৰে তেওঁলোকে মুদ্ৰাখিনি লৈ লক্ষ্ণৌত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে।
এক বিশেষ ধাতুৰে নিৰ্মাণ কৰা সোণ বৰণীয়া এই মুদ্ৰাসমূহৰ চমক আগন্তুক দহ বছৰলৈ একেদৰেই থাকিব বুলিও দাবী কৰে পৰিয়ালটোৱে।