ৰাজনীতিৰ পৰা সন্যাস! বিজেপি সাংসদ বাবুল সুপ্ৰিয়ৰ ফেচবুক পোষ্টে খলকনি তুলিছে ৰাজনৈতিক মহলত

133

ডিজিটেল ডেস্কঃ ৰাজনীতিৰ পৰা সন্যাস ল’বলৈ ওলাইছে পশ্চিমবংগৰ বিজেপি সাংসদ বাবুল সুপ্ৰিয়। ফেচবুকত ৰাজনীতি এৰাৰ কথা স্পষ্ট কৰি কয় যে তেওঁ বিজেপি ত্যাগ কৰিলেও আন কোনো দললৈ কেতিয়াও নাযায়। কোনো আন ৰাজনৈতিক দলে তেওঁৰ সৈতে যোগাযোগো কৰা নাই বুলি মন্তব্য কৰে বাবুল সুপ্ৰিয়ই।

২০১৯ৰ লোকসভা নিৰ্বাচনত আচাঞ্চল লোকসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰিছিল বাবুল সুপ্ৰিয়ই। তাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীসভাত তেওঁ দায়িত্বও লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ মোডী চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণৰ পিছত বাবুল সুপ্ৰিয়ই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।

ফেচবুক পোষ্টত তেওঁ মন্ত্ৰিত্ব হেৰুৱাবলগীয়া হোৱা কথাটিও উল্লেখ কৰে। আনহাতে ৰাজ্যিক বিজেপিৰ সৈতে তেওঁৰ মতানৈক্যও ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ এক কাৰণ হব পাৰে বুলি তেওঁ নিজেই উল্লেখ কৰে ফেচবুক পোষ্টত।

ইফালে সমাজসেৱা কৰিবলৈ কোনো ৰাজনৈতিক দলত থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি বাবুল সুপ্ৰিয়ই পাৰ্যমানে নিজাববীয়াকৈ সমাজৰ হিতৰ বাবে কাম কৰি যাব বুলি কয়। বাবুল সুপ্ৰিয়ৰ এই বিস্ফোৰক ফেচবুক পোষ্টে এতিয়া দেশৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।