অসম-নাগালেণ্ড সীমান্তৰ পৰা সুৰক্ষা বাহিনী প্ৰত্যাহাৰ

166

গুৱাহাটীঃ অসম আৰু নাগালেণ্ডৰ সীমান্তত সৃষ্টি হৈ অহা উত্তেজনা হ্ৰাস কৰাৰ উদ্দেশ্যেৰে সীমান্তৰ পৰা নিজৰ সুৰক্ষা বাহিনী তৎক্ষণাত প্ৰত্যাহাৰৰ এক চুক্তিত স্বাক্ষৰ কৰে নাগালেণ্ডে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ এনে শান্তি প্ৰতিষ্ঠাৰ বাবে কৰা প্ৰচেষ্টাৰ এতিয়া শলাগ লৈছে বিভিন্ন জনে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ এনে সিদ্ধান্তক ঐতিহাসিক আখ্যা দিয়ে। টুইটযোগে তেওঁ কয়, “অসম-নাগালেণ্ড সীমান্তত উত্তেজনা হ্ৰাস কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সাফল্য স্বৰূপ দুয়োগৰাকী মুখ্য সচিবে সীমান্তৰ স্থানৰ পৰা তেওঁলোকৰ নিজ নিজ শিবিৰলৈ ৰাজ্যসমূহৰ বাহিনী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ বুজাবুজিত উপনীত হৈছে।”