ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

107

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। উদিয়ানাৰ প্ৰশান্তি ৰেষ্টুৰেণ্টৰ সন্মুখত অন্য এখন চাৰিচকীয়া বাহনক বচাবলৈ যাওতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে চাহপাত ভৰ্তি ট্ৰাকখন। দুৰ্ঘটনাত পতিত RJ-19-GD-9255 নম্বৰৰ ট্ৰাকখন তিনিচুকীয়াৰ পৰা গুজৰাটলৈ গৈ আছিল।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে চালক আৰু হেণ্ডিমেনজনৰ।