৫ মে’ত মিজোৰামলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

9260

অহা ৫ মে’ত মিজোৰামলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। ৰাজ্যখনৰ এখন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতিগৰাকীয়ে।

ৰাষ্ট্ৰপতিগৰাকী ৰাজ্যখনৰ ৰাজধানী আইজলৰ তানহ্ৰিলত মিজোৰাম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশ ল’ব।

উল্লেখ্য যে, ২০১৭ চনৰ জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ এয়া হ’ব দ্বিতীয় মিজোৰাম ভ্ৰমণ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ২০১৭ চনৰ নৱেম্বৰত মিজোৰাম বিধান সভাত ভাষণ দিবলৈ দুদিনীয়া ভ্ৰমণ কৰিছিল।