৪ বছৰীয়া কাৰাবাসৰ কালত ৬ মাহেই কাৰাগাৰৰ বাহিৰত! আকৌ পেৰ’লত মুকলি ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ দোষী গুৰমীত ৰাম ৰহিম

376

চাৰি বছৰত ছমাহেই কাৰাগাৰৰ বাহিৰত! এয়াই হৈছে ধৰ্ষণ আৰু হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিমৰ কাৰাবাসৰ হিচাব-নিকাচ। ৰোহটকৰ সুনাৰিয়া কাৰাগাৰত ১৯৯৭ নম্বৰৰ বন্দী হিচাপে শাস্তি ভুগি আছে ৰাম ৰহিমে, কিন্তু ২০ নৱেম্বৰ সোমবাৰে হাৰিয়ানা চৰকাৰৰ পৰা ২১ দিনৰ পেৰোল পোৱাৰ পিছত আজি পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিব পাৰিব ৰাম ৰহিমে।

২০২৩ চনত তৃতীয়বাৰৰ বাবে জেলৰ পৰা ওলাই আহিছে ৰাম ৰহিম। এইবাৰো তেওঁ উত্তৰ প্ৰদেশৰ বৰ্ণৱা আশ্ৰমত থাকিব। বৰ্ণাৱা আশ্ৰমত কটোৱা পেৰ’ল আৰু ফাৰ্ল’ৰ সময়ত তেওঁৰ আচৰণৰ কথা মনত ৰাখি ৰোহটক প্ৰশাসনে পুনৰবাৰ ফাৰ্ল’ প্ৰদান কৰিছে ৰাম ৰহিমক।

চলিত বৰ্ষৰ আৰম্ভণিতে ডেৰা সচ্চা সৌদাৰ মুৰব্বীগৰাকীক দীৰ্ঘদিনীয়া পেৰ’ল দিয়া হৈছিল। হাৰিয়ানা চৰকাৰে ২০২৩ চনৰ ২২ জানুৱাৰীত ৰাম ৰহিমৰ বাবে ৪০ দিনৰ পেৰ’লত অনুমোদন জনায়। ইয়াৰ পিছত পুনৰ ১৯ ​​জুলাইত ৰাম ৰহিমে ৩০ দিনৰ পেৰ’ল লাভ কৰে। শেহতীয়াকৈ ২১ দিনৰ ছুটীৰ পিছত চলিত বৰ্ষত ৯১ দিন জেলৰ বাহিৰত থাকিবলৈ অনুমতি দিয়া হৈছিল ৰাম ৰহিমক। অৱশ্যে এইবাৰ যদি আৰু পেৰ’ল বা ফাৰ্ল’ দিয়া নহয়, তেন্তে ৰাম ৰহিমে নতুন বছৰটো কাৰাগাৰৰ আঁৰত কটাব।

যদি ২০২৩ চনৰ পেৰ’ল আৰু ফাৰ্ল’ৰ সৈতে তুলনা কৰা হয়, তেন্তে ২০২২ চনত ৰাম ৰহিমৰ মুক্তিৰ আৰম্ভণি বিপৰীত দিশৰ পৰাই হৈছিল। ৰাম ৰহিমক তিনিবাৰকৈ জেলৰ বাহিৰত সময় কটাবলৈ দিয়া হৈছিল, প্ৰথমে ২১ দিন, তাৰ পিছত ৩০ দিন আৰু শেষত ৪০ দিন। ২০২২ চনৰ ৭ ফেব্ৰুৱাৰীত প্ৰথম ২১ দিনৰ পেৰ’ল প্ৰদান কৰা হৈছিল। ইয়াৰ পিছত হাৰিয়ানা চৰকাৰে ১৭ জুনত ৩০ দিনৰ বাবে আৰু ১৪ অক্টোবৰত ৪০ দিনৰ বাবে পেৰ’ল দিয়ে।

২০২২ আৰু ২০২৩ চনত প্ৰায় তিনিমাহকৈ জেলৰ বাহিৰত থকা ৰাম ৰহিমে ২০২০ আৰু ২০২১ চনত মাত্ৰ ২ দিনৰ বাবে পেৰ’ল লাভ কৰিবলৈ সক্ষম হৈছিল। তেতিয়া হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ চৰকাৰে গুৰমিতক তেওঁৰ অসুস্থ মাতৃক লগ কৰিবলৈ এদিনৰ পেৰ’ল দিছিল।

উল্লেখ্য যে, ২০১৭ চনৰ আগষ্ট মাহত নিজকে ঈশ্বৰৰ অৱতাৰ বুলি দাবী কৰা ৰাম ৰহিমক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। এই শাস্তি গুৰমিতক দিয়া হৈছিল দুগৰাকী মহিলা ছাত্ৰীক ধৰ্ষণ কাণ্ডত। ইয়াৰ উপৰিও ২০২১ চনৰ অক্টোবৰ মাহত ৰাম ৰহিমক নিজৰ শিবিৰৰ এজন কৰ্মচাৰীক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

৫৬ বছৰীয়া ৰাম ৰহিমৰ মুক্তিৰ কথাও ৰাজস্থান বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত হৈ আছে। ২৫ নৱেম্বৰ শনিবাৰে ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু হাৰিয়ানাৰ সীমান্তৱৰ্তী শ্ৰীগংগনগৰ, হনুনগড় আৰু বহুকেইখন জিলাত গুৰমীতৰ প্ৰভাৱ ভাল বুলি বিবেচিত হৈছে।

প্ৰণিধানযোগ্য যে, ফাৰ্ল’ৰ সময়ছোৱাক কয়দীৰ শাস্তি আৰু তেওঁৰ অধিকাৰৰ পৰা সকাহ হিচাপে গণ্য কৰা হয়, আনহাতে ভাৰতত পেৰ’লক কয়দীৰ অধিকাৰ হিচাপে দেখা নাযায়। তেওঁৰ আচৰণৰ কথা মনত ৰাখি কয়দীজনক পেৰ’ল দিয়া হয়। ফাৰ্ল’ দিয়াৰ উদ্দেশ্য হ’ল কয়দীজনে নিজৰ পৰিয়াল আৰু সমাজৰ সদস্যসকলক লগ কৰিব পৰাটো। একে সময়তে পেৰ’লৰ জৰিয়তে এক প্ৰকাৰে কয়দীজনক সংস্কাৰৰ সুযোগ দিয়া হয়।