২৪ ঘণ্টাত ভাৰতত পুনৰ কোভিডত আক্ৰান্ত ৩,৭৯,২৫৭ জন, মৃত্যু ৩৬৪৫ জনৰ

58
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

দেশত শাম কটা নাই কোভিড সংক্ৰমণৰ ভয়াবহতা। বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩,৭৯,২৫৭জন এই মহামাৰীত আক্ৰান্ত হৈছে। যোৱা এটা দিনত দেশত পুনৰ ৩৬৪৫ জনৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ২,৬৯,৫০৭ জন কোৰোনা ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমানলৈ দেশত কোভিডত আক্ৰান্তৰ সৰ্বমুঠ সংখ্যা হৈছে ১,৮৩,৭৬,৫২৪ জন। ইফালে কোভিডত আক্ৰান্ত হৈ দেশত বৰ্তমানলৈ মৃত্যু ঘটিছে ২,০৪,৮৩২ জনৰ। বৰ্তমানলৈ ১৫,০০,২০,৬৪৮ জন লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন।