১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

3064

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৭ মাৰ্চত মিজোৰামত আছাম ৰাইফলছৰ নতুন কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই ২৮ ফেব্ৰুৱাৰীত প্ৰকাশ কৰে।

আইজলৰ সমীপৰ জোখোৱাছাঙত শ্বাহে এ আৰ কমপ্লেক্স উদ্বোধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জনায়।

২০১৮ চনৰ নৱেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ শীৰ্ষ এজেণ্ডাসমূহৰ ভিতৰত আছিল আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ জোখোৱাছাংলৈ অসম ৰাইফলছ শিবিৰটো স্থানান্তৰ কৰা।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সেই বছৰৰ ৩১ মে’ৰ ভিতৰত বেটেলিয়নৰ মুখ্য কাৰ্যালয় জোখোৱাছাঙলৈ স্থানান্তৰিত কৰিবলৈ অসম ৰাইফলছক নিৰ্দেশ দিছিল।

মহানগৰীৰ মাজমজিয়া জোডিন আৰু খাটলাত দুটাকৈ আছাম ৰাইফলছৰ ঘাটি আছে।

জোডিনত থকাটো জোখোৱাছাঙলৈ স্থানান্তৰ কৰা হৈছে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত জোৰামথাংগাই কেন্দ্ৰীয় গৃহমন্ত্ৰীক জনাইছিল যে অসম ৰাইফলছ শিবিৰৰ স্থানান্তৰত পলম হোৱাৰ বাবে ৰাজ্যৰ ৰাজধানীত আন্তঃগাঁথনিগত প্ৰকল্পত পলম হৈছে।

আনহাতে, ২০২৩ চনৰ ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈকে মিজোৰামত জি-২০ৰ বিজনেছ ২০ (বি২০) আয়োজন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

২ মাৰ্চ, ২০২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বি-২০ মূল সন্মিলনত নগৰ পৰিকল্পনা, আন্তঃগাঁথনি, বাঁহ, ষ্টাৰ্টআপ, দক্ষতা বিকাশ, হস্ততাঁত আৰু হস্তশিল্প, নাৰ্চিং আৰু পেৰামেডিকেলৰ বহুপক্ষীয় ব্যৱসায়িক অংশীদাৰিত্বৰ সুযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। মিজোৰাম বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব।

মুখ্যমন্ত্ৰী সন্মিলন প্ৰেক্ষাগৃহত অনুষ্ঠিত সংবাদমেলত ভাষণ দি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় যে মিজোৰামত অনুষ্ঠিত হোৱা বি-২০ বৈঠকে চিনাক্তকৃত অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা আৰম্ভ কৰাত সহায় কৰিব আৰু নীতিগত পৰামৰ্শ প্ৰণয়নৰ দিশত কাম আৰম্ভ কৰিব।