সমৰ দেৱনাথ, হোজাইঃ কোভিড পৰিস্থিতিৰ বাবে কেইবাখনো ৰাজ্যত ইতিমধ্যে লকডাউন ঘোষণা কৰা হৈছে। অসমতো দিনৰ ২ বজাৰ পৰা গ্ৰামাঞ্চলত সান্ধ্য আইন জাৰি হৈ থকাৰ বিপৰীতে চহৰাঞ্চলত ১২ বজাতেই বন্ধ হৈ পৰিছে সকলো দোকান-পোহাৰ। ইফালে কোভিডসৃষ্টি ভয়ংকৰ পৰিস্থিতিৰ মাজতে আজি হোজাইত বহিঃৰাজ্যৰ পৰা আহি উপস্থিত হৈ বিভিন্ন কৰ্মত নিয়োজিত হৈ থকা ১১৫ গৰাকী শ্ৰমিক।
বিবেক এক্সপ্ৰেছৰ জৰিয়তে হোজাই ৰে’লৱে ষ্টেছনত আহি উপস্থিত হোৱা শ্ৰমিক সকলক কটকটীয়া নিৰাপত্তাৰ মাজেৰে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয়। স্বাস্থ্য পৰীক্ষাত ১১ গৰাকী শ্ৰমিকৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে আক্ৰান্ত সকলক হোজাইৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। ইফালে অন্য শ্ৰমিক সকলক আব্দুল হাঁচিব উচ্চ মাধ্যমিক বিদ্যালয় আৰু লংকাৰ লংকা উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
