সৰবৰাহৰ সময়তে মিজোৰামত জ্বলাই দিয়া হ’ল ৬ খন চুপাৰি ভৰ্তি বাহন…

4391

আইজলঃ সৰবৰাহৰ সময়তে জ্বলাই দিয়া হ’ল ৬ খন অবৈধ চুপাৰি ভৰ্তি বাহন। ত্ৰিপুৰা সীমান্তৰ সমীপৰ পশ্চিম মিজোৰামৰ মমিত জিলাত প্ৰায় ৫০ জন লোকে একত্ৰিত হৈ চুপাৰি সমূহ সৰবৰাহ কৰা বাহন কেইখনত অগ্নিসংযোগ কৰে।

শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ ১০৮ৰ জামুয়াং আৰু জাউলনুৱামৰ মাজত পৰা পুটাৰ্টে নদীৰ ওচৰত এই ঘটনা সংঘটিত হয়। এই ঘটনাত পাঁচখন পিকআপ আৰু এখন গধুৰ ট্ৰাক জ্বলি ছাই হৈ যায়।

মমিত জিলাৰ আৰক্ষী অধীক্ষক লালথাংপুই পুলামটেৰ মতে, চুপাৰি কঢ়িয়াই মিজোৰাম-ত্ৰিপুৰা সীমান্তৰ কানহমুনলৈ লৈ আহিছিল আৰু ম্যানমাৰৰ পৰা চোৰাংভাৱে অনা হৈছিল।

তেওঁ আৰু উল্লেখ কৰে যে পুৱা প্ৰায় ৪:০০ বজাৰ পৰা ৫:০০ বজালৈ এই ঘটনা সংঘটিত হয়। গাড়ীখন ৰখাই চালকসকলক টোপোলা নমাবলৈ কয় ৰাইজে।

পুৱা প্ৰায় ৬:০০ বজাত বাহনসমূহৰ সৈতে চালানসমূহ জ্বলাই দিয়া হয়। বিষয়টো সন্দৰ্ভত গভীৰ তদন্ত আৰম্ভ কৰি কানমুন থানাত গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে, এই ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও চিনাক্ত হোৱা নাই আৰু এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।