সমগ্ৰ দেশ কৰোনাত বিধ্বস্ত, ছিকিম এতিয়াও কৰোনামুক্ত

121

ষ্টাফৰিপোৰ্টাৰ, ২৩ মে’ : সমগ্ৰ দেশ কৰ’নাত বিধ্বস্ত হৈ পৰিছে। কিন্তু ছিকিম এতিয়াও কৰ’নামুক্ত হৈ আছে। ছিকিমে কৰ’না প্ৰৱেশ কৰিব নোৱাৰাকৈ বান্ধি ৰাখিলে সীমান্ত। এতিয়া শিক্ষানুষ্ঠান খোলাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে চৰকাৰে।
১৫ জুনৰ পৰা খুলিব ছিকিমৰ শিক্ষানুষ্ঠান। গেংটকত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী কে এন লেপচাই। নৱম মানৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব ছিকিম চৰকাৰে।বিশ্ববিদ্যালয় পৰ্যায়তো ছিকিমত আৰম্ভ হ’ব পাঠদান।
প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত অব্যাহত থাকিব অনলাইন ক্লাছ।