মধ্যপ্ৰদেশত পুনৰ বালি মাফিয়াৰ ৰাৱণৰাজ। অবৈধ খনন বন্ধ কৰাৰ সময়তে মাফিয়াই হত্যা কৰিলে এজন চৰকাৰী বিষয়াক। ট্ৰেক্টৰেৰে চেপি চৰকাৰী বিষয়াগৰাকীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ বালি মাফিয়াৰ বিৰুদ্ধে।
আৰক্ষীৰ তথ্য অনুসৰি মৃত চৰকাৰী বিষয়াজনৰ নাম প্ৰসন্ন সিং বহৰী। শ্বাহদোল জিলাত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ বালি খনন। সেই খবৰ পাই প্ৰসন্নই শনিবাৰে নিশা তিনিজন সহকৰ্মীৰ সৈতে খনন বন্ধ কৰিবলৈ গৈছিল।
ৰাতিৰ আন্ধাৰত ট্ৰেক্টৰত চোৰাংকৈ বালি সৰবৰাহ হোৱা দেখি চৰকাৰী বিষয়াগৰাকীয়ে নিজৰ দলৰ সৈতে এখন ট্ৰেক্টৰ বাধা দিবলৈ চেষ্টা কৰে। প্ৰসন্নই ট্ৰেক্টৰৰ সন্মুখলৈ যোৱাৰ লগে লগে ট্ৰেক্টৰখনে প্ৰথমে তেওঁক খুন্দা মাৰে। যাৰ ফলত প্ৰসন্ন সিং মাটিত বাগৰি পৰে আৰু তাৰ পিছতে ট্ৰেক্টৰৰ চকাৰে পিষ্ট কৰা হয় বিষয়াগৰাকীক। ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰেক্টৰ চালকজনে। আৰক্ষীৰ তথ্য অনুসৰি, যোৱা তিনিদিন ধৰি চৰকাৰে শ্বাহদোলৰ কেইবাটাও স্থানত সোণ নদীৰ পৰা অবৈধভাৱে বালি উলিওৱাৰ বিৰুদ্ধে অভিযান চলাই আছিল।
গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে নিশা জিলাখনৰ এটা স্থানত অভিযান চলাইছিল প্ৰসন্নই। তেতিয়াই মাফিয়াই তেওঁক আক্ৰমণ কৰিলে। এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আহিছিল আৰক্ষী। উদ্ধাৰ হয় প্ৰসন্নৰ মৃতদেহ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ট্ৰেক্টৰ চালক শুভম বিশ্বকৰ্মা আৰু ট্ৰেক্টৰৰ মালিক প্ৰশান্ত সিঙক। শ্বাহদোল জিলাৰ আৰক্ষী অধীক্ষক কুমাৰ প্ৰতীকে কয়, ‘চৰকাৰী বিষয়াজনে নিশা তালাচী অভিযানত ওলাই যায়। মাফিয়াৰ ট্ৰেক্টৰখনক বাধা দিবলৈ চেষ্টা কৰি থাকোঁতে তেওঁক চেপি হত্যা কৰা হয়।”