লোকসভাৰ সাংসদৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা বিধানসভাৰ পৰা পদত্যাগ প্ৰতিমা ভৌমিকৰ…

2511

বুধবাৰে আগৰতলাত ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য্যই ত্ৰিপুৰা বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে বিনয় ভূষণ দাসক শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক লোকসভাৰ আসন অক্ষুণ্ণ ৰাখিবলৈ বিধানসভাৰ পৰা পদত্যাগ কৰে।

সেপাহিজালা জিলাৰ ধনপুৰ বিধান সভা সমষ্টিৰ পৰা ৩৫০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ভৌমিক।

পদত্যাগ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভৌমিক কয়, ‘মই দুয়োটা স্থানতে (সংসদ আৰু বিধানসভা) সদস্যপদ ৰাখিছো। দলটোৱে মোক ধনপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰামৰ্শ দিলে। দলৰ নিৰ্দেশ অনুযায়ী মই এতিয়া ধনপুৰ সমষ্টিৰ পৰা পদত্যাগ কৰিছো। মোক ভোট দিয়া ভোটাৰ সকলক ধন্যবাদ জনাইছো। ধনপুৰৰ উন্নয়নৰ বাবে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ হ’ব বুলি মই আপোনালোকক আশ্বাস দিছো।”

ইয়াৰ পূৰ্বেও ভৌমিক ৰাজ্যৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। কিন্তু বিজেপিয়ে ড০ মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে ৰখাৰ সিদ্ধান্ত লয়।

ধনপুৰৰ পৰৱৰ্তী সম্ভাৱ্য দলীয় প্ৰাৰ্থী সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে বিজেপি নেতাসকলে।

ইফালে, সূত্ৰসমূহে জনোৱা মতে, শাসকীয় বিজেপি আৰু আইপিএফটিৰ বিধায়কসকলক বৃহস্পতিবাৰে শপত গ্ৰহণ কৰাৰ বিপৰীতে চিপিআই(এম), কংগ্ৰেছ, আৰু টিপ্ৰা মোথা বিধায়কসকলে শুকুৰবাৰে অধ্যক্ষ চেম্বাৰত শপত গ্ৰহণ কৰিব।