বিহাৰৰ ভয়াবহ ৰে’ল দুৰ্ঘটনাত মৃত্যু অসমৰ মাতৃ-কন্যাৰ। বুধবাৰে নিশা কামাখ্যা অভিমুখী নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখনৰ কেইবাটাও ডবা বিহাৰত লাইনচ্যুত হোৱাৰ ফলত ৪ জন যাত্ৰীৰ মৃত্যু ঘটাৰ লগতে ৭০ জনৰো অধিক যাত্ৰী আহত হয়।
এই ৰে’ল দুৰ্ঘটনাত নিহত সকলৰ ভিতৰত আছে শদিয়াৰ নিৱাসী এহাল মাতৃ-কন্যাও।
নিহত মাতৃ-কন্যাহালক ঊষা ভাণ্ডাৰী (৩৩) আৰু আকৃতি ভাণ্ডাৰী (৮) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, মাতৃ-কন্যাহালে পৰিয়ালৰ আন সদস্যৰ সৈতে দিল্লীৰ পৰা ৰে’লেৰে ঘৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লয়।
ইতিমধ্যে বিহাৰ ৰে’ল আৰক্ষীৰ সহযোগত নিহত মাতৃ-কন্যাক স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।