মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান

156

মৰিগাঁও আৰক্ষীৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মাৰাথান অভিযান । আৰক্ষীৰ জালত এজনৰ পাছত আন এজন চাইবাৰ অপৰাধী । যোৱা শনিবাৰে আৰক্ষীৰ জালত পৰিছিল এজন airtel retailer । জব্দ হৈছিল প্ৰায় ২৩৮ খন ভুৱা airtel sim কাৰ্ড । তাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে চলাইছিল জুৰদাৰ অভিযান । আৰু আজি পুনৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিল দুজন sim vendor মছফিকুল খান চাহজাহান আলি । ইতিমধ্যে 233/23 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছে মৰিগাঁও আৰক্ষীয়ে । এটা অতি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যে মৰিগাঁও ৰ পৰা active হোৱা এইসমূহ sim কাৰ্ড গুজৰাটৰ বিভিন্ন চাইবাৰ অপৰাধত ব্যৱহাৰ হৈছিল । মৰিগাঁও আৰক্ষী এতিয়া বধ্য পৰিকৰ যে এই সমূহ যি অবৈধ ভাৱে sim কাৰ্ড ব্যৱসায়ী চলি আছে অতি সোনকালে বন্ধ কৰিব । উল্লেখ্য যে বিগত ছমাহৰ ভিতৰত মৰিগাঁও আৰক্ষীয়ে ৬০ জনতকৈ অধিক অপৰাধী আটক কৰিবলৈ সক্ষম হৈছে ।