ৰাজু মিশ্ৰ, মৰাণঃ ৰাজ্যত এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। কোৰোনাক প্ৰতিহত কৰিবলৈ ঘোষণা কৰা বিভিন্ন নিৰ্দেশনা মানৱ জাতিয়ে উলংঘা কৰিছে যদিও প্ৰকৃতিয়ে উলংঘা কৰা নাই চিৰাচৰিত নিয়ম। পৃথিৱীৰ অসুখৰ মাজতে প্ৰকৃতিৰ বিনন্দীয়া ৰূপে এতিয়া জাতিষ্কাৰ কৰি তুলিছে বসুন্ধৰাৰ বুকু। চৌদিশে এতিয়া সোণাৰু, কৃষ্ণচূড়া আৰু ৰাধাচূড়াই হাত বাউল দি মাতিছে।
কৃষ্ণচূড়া-ৰাধাচূড়াৰ বাউলী বতাহত উন্মনা হৈ পৰিছে সকলো। সোণাৰুৰ হালধীয়া ফুলবোৰেও যেন হাঁহি উঠিছে। চৌদিশে এতিয়া প্ৰেমৰ ৰঙত মতলীয়া। আকাশ উজলাই হেঁপাহেৰে ফুলিছে সোণাৰু, কৃষ্ণচূড়া-ৰাধাচূড়া। যেনিয়েই চকু ফুৰাই তেনিয়েই চকু চাট মাৰি ধৰা ৰঙৰ সমাহাৰ। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ দেখিয়েই মানৱ জাতিৰ দুৰ্যোগৰ সময়তো হয়তো কোনো কবিয়ে লিখিছে প্ৰেমৰ কবিতা।
