মিজোৰামত অসম ৰাইফলছৰ অভিযানত ২৩ লক্ষাধিক টকা মূল্যৰ বিদেশী চিগাৰেট জব্দ

9330

মিজোৰামৰ চম্পাই জিলাত শুকুৰবাৰে অসম ৰাইফলছে জব্দ কৰে বিদেশী মূলৰ চিগাৰেটৰ এটা বৃহৎ চালান।

চম্পাই জিলাৰ জোখাথাৰৰ আছাম ৰাইফলছৰ (পূব) মুখ্য কাৰ্যালয় মহাপৰিদৰ্শকৰ তত্বাৱধানত ছেক্টৰ ২৩ আছাম ৰাইফলৰ ছেৰচিপ বেটেলিয়নে জব্দ কৰে।

বিষয়াসকলে জনোৱা মতে, জব্দ কৰাৰ মূল্য প্ৰায় ২৩,৪০,০০০ টকা।

আছাম ৰাইফলছৰ এক বিবৃতি অনুসৰি, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এক অভিযান চলোৱা হৈছিল, য’ত জব্দ কৰা হৈছিল বিদেশী চিগাৰেট।

বিবৃতিটোত আৰু কোৱা হৈছে যে জব্দ কৰা নিষিদ্ধ সামগ্ৰীসমূহ অধিক আইনী কাৰ্য্যবিধি আৰম্ভ কৰিবলৈ শুল্ক বিভাগে হাতত লৈছে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বৰ এটা কাণ্ডত যোৱা ৪ মে’ত মিজোৰামৰ চম্পাই জিলাৰ পৰা আছাম ৰাইফলছৰ সৈন্যই ছয় লাখ টকাৰো অধিক মূল্যৰ বিদেশী মূলৰ চিগাৰেটৰ চালান জব্দ কৰিছিল।