মাণিকপুৰৰ ১ নং ভাণ্ডাৰাত জীৱশ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাম। কীটনাশক মিহলাই শশ চৰাই চিৰিকতি নিধন। পক্ষী নিধনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে।যি সময়ত চৰাই – চিৰিকতিৰ স্থায়ী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহন কৰিছে সেই সময়তে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাত কীটনাশক দি শশ চৰাই চিৰিকতি নিধন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ১ নং ভাণ্ডাৰাৰ এটা খেতিত কীটনাশক মিহলি কৰি ধানৰ বীজ সিজিছিল খেতিয়কে। ধানৰ বীজ সিজা খেতিত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতিয়ে জাকে জাকে আহাৰ গ্ৰহণ কৰিবলৈ আহে। কিন্তু কীটনাশক মিহলা ধানৰ বীজ খাই শশ চৰাই চিৰিকতিৰ মৃত্যু হয়। যি সময়ত চৰাই চিৰিকতি সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহন কৰা হয় সেই সময়তে কীটনাশক দি শশ চৰাই চিৰিকতি নিধন কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চৰাই চিৰিকতি নিধন কৰা খেতিয়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী ৰাইজে ।