মহানগৰীত পুনৰ জল বিস্ফোৰণ! এইবাৰ বৰবাৰীত বিস্ফোৰিত পানীৰ পাইপ

389

মহানগৰীত পুনৰ জল বিস্ফোৰণ। গুৱাহাটীৰ হেঙেৰাবাৰী অঞ্চলৰ বৰবাৰীত শুকুৰবাৰে দুপৰীয়া পুনৰ ফাটিল আন এক পানীৰ পাইপ।

বৰবাৰীত অৱস্থিত নবজ্যোতি ক্লাবৰ সমীপত এই ঘটনা সংঘটিত হয়।

ভিজুৱেল অনুসৰি যদিও বিস্ফোৰণটো মাৰাত্মক নহয় যেন লাগে, অৱশ্যে বাৰে বাৰে এনে পাইপ বিস্ফোৰণৰ দৃষ্টান্তই গুৱাহাটীবাসীৰ মাজত উদ্বেগ সৃষ্টি কৰিছে।

২২ জুনত মহানগৰীৰ মালিগাঁও অঞ্চলৰ পৰা পাইপলাইন বিস্ফোৰণৰ ঘটনাৰ খবৰ পোৱা গৈছিল।

নিৰ্মাণাধীন উৰণীয়া সেতুখনৰ সমীপৰ পাণ্ডু অঞ্চলত একেৰাহে ষষ্ঠ বাৰৰ বাবে সংঘটিত হৈছিল এই ঘটনা।

ভিজুৱেল অনুসৰি কেইমিটাৰমানলৈকে পানী ফোয়াৰাৰ দৰে ছিটিকি যোৱা দেখা গৈছিল।

ইয়াৰ পূৰ্বে ২০ জুনত গুৱাহাটী চহৰত পানীৰ পাইপ ফাটি যোৱাৰ আন এক কাণ্ডৰ সন্মুখীন হৈছিল, যিটো ৩০ দিনৰ ভিতৰত চতুৰ্থটো সংঘটিত হৈছিল।