মণিপুৰলৈ প্ৰেৰণ কৰা হওক সৰ্বদলীয় প্ৰতিনিধিৰ দল! দাবী তৃণমূল কংগ্ৰেছৰ

1514

মণিপুৰৰ বিষয়ে কেন্দ্ৰৰ বিলম্বিত বুজাবুজি! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। কিন্তু সৰ্বদলীয় বৈঠক যথেষ্ট নহয়। মণিপুৰৰ জনসাধাৰণৰ মাজত আস্থা পুনৰুদ্ধাৰ ৰখাৰ বাবে এক সৰ্বদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব লাগিব। এই দাবী উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে।

মণিপুৰত যোৱা ৩ মে’ৰ পৰা জ্বলি আছে হিংসাৰ দাবানল। হাজাৰ হাজাৰ সেনা মোতায়েন কৰা স্বত্বেও, কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ নিয়ন্ত্ৰণলৈ অনা হোৱা নাই। মণিপুৰ চৰকাৰৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ সংঘটিত হৈছে। ৰাজ্যখনত প্ৰায় ২০০০ অনুপ্ৰৱেশকাৰী আছে। এই পৰিস্থিতিত, বিৰোধীৰ নিৰন্তৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত অমিত শ্বাহে শনিবাৰে সৰ্বদলীয় বৈঠক আহ্বান কৰিবলৈ বাধ্য হয়।

বৈঠকত ৰাজ্যসভাত দলৰ বিৰোধী দলৰ নেতা ডেৰেক অ’ব্ৰায়েনে অংশগ্ৰহণ কৰিছিল। “মণিপুৰত ভয়, শংকা আৰু হতাশাৰ পৰিৱেশ আছে। বহুতো মূল্যৱান জীৱন হেৰুৱাইছে। আজি মণিপুৰত সামগ্ৰীৰ মূল্য অকাশলঙ্ঘী হৈছে। এনে পৰিস্থিতিত কেৱল সৰ্বদলীয় বৈঠক আহ্বান কৰিয়েই কেন্দ্ৰীয় চৰকাৰে দায়িত্ব সামৰিলে নহব বুলি দাবী কৰে তৃণমূল কংগ্ৰেছে।