বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী

146

বৰচলাত গ্ৰেপ্তাৰ দুজন কুখ্যাত অস্ত্ৰ সৰবৰাহকাৰী। মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু বৰচলা আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত কৰায়ত্ত কৰে মৈৰাবাৰীৰ দলৈগাঁৱৰ জাকাৰীয়া আলম আৰু কালিকাজুৰি গাঁৱৰ আনুৱাৰ হুছেইনক।

গ্ৰেপ্তাৰ হোৱা দুজনৰ পৰা… এটা হস্ত নিৰ্মিত পিষ্টল, ড্ৰাগছ ভৰ্তি কেণ্টিনাৰ ১৪ টা, মোবাইল ফোন তিনিটা আৰু
এখন AS-21 L 0803 নম্বৰৰ হিৰ কোম্পানীৰ স্কুটি জব্দ কৰে।

উল্লেখ যে ধৃত জাকাৰীয়া আলম পূৰ্বেও অস্ত্ৰ সৰবৰাহ,আৰক্ষীৰ নামত ধন দাবী,দালালি,চুৰি, ডকাইতি আদি বিভিন্ন গোচৰত কেইবাবাৰো জেল হাজোতলৈ গৈছে।