দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু…

97

ৰাজ্যখনৰ ৩৭ সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনৰ উপলক্ষে দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অৰুণাচল প্ৰদেশত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।

ইটানগৰত উপস্থিত হোৱা দ্ৰৌপদী মুৰ্মুক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কেটি পাৰনাইক আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উষ্ম আদৰণি জনায়।

ৰাষ্ট্ৰপতিগৰাকীক প্ৰথমবাৰৰ বাবে ৰাজ্য ভ্ৰমণত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

ৰাষ্ট্ৰপতি সচিবালয়ৰ তথ্য অনুসৰি উত্তৰ-পূৱ ৰাজ্যৰ ৩৭ সংখ্যক ৰাজ্যিকতা দিৱস উদযাপনত মুৰ্মুৱে অংশগ্ৰহণ কৰিব আৰু তেওঁৰ সন্মানত ইটানগৰত ৰাজ্য চৰকাৰে এক নাগৰিক অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব।

মঙলবাৰে ইটানগৰত অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতিয়ে।

উল্লেখ কৰিব পাৰি যে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক ভাৰতৰ ২৪ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। তেতিয়াৰ পৰাই অৰুণাচল প্ৰদেশ গঠনৰ উদযাপনৰ বাবে এই দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰা হয়।

ইয়াৰ পূৰ্বে আজি ৰাষ্ট্ৰপতিগৰাকীয়ে অৰুণাচল আৰু মিজোৰামৰ ৰাইজক ৰাজ্যত্ব দিৱস উপলক্ষে সম্ভাষণ জনায়।