ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পিছথে বাতিল মাজুলীৰ ফেৰী সেৱা…

133

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছত বৃহস্পতিবাৰে মাজুলীত ফেৰী সেৱা বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে জল পৰিবহণ বিভাগে।

খবৰ অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পিছতে মাজুলীৰ আফালামুখ ফেৰী ঘাটত ফেৰী সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিয়ে জল পৰিবহণ বিভাগে।

লাভ কৰা তথ্য অনুসৰি পানীৰ স্তৰ বৃদ্ধিৰ ফলত তিনিটা ফেৰীঘাট ডুব যোৱা হ’ব পাৰে।

ফলত নিমাতী ঘাট আৰু আফালামুখ ফেৰী ঘাটৰ মাজত আৰু ফেৰী সেৱা নাথাকিল। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা।