বিধানসভাৰ ভিতৰত পৰ্ণগ্ৰাফী চালে বিজেপি বিধায়কে, তীব্ৰ প্ৰতিক্ৰিয়া…

2218

বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে পৰ্ণ ভিডিঅ’ চালে এগৰাকী বিজেপি বিধায়কে।

ত্ৰিপুৰাৰ বিধানসভাত এনে কাৰ্য সংঘটিত কৰে বিধায়ক যাদৱ লাল নাথে।

২০১৮ চনৰ পূৰ্বে চিপিআই (এম)ৰ কৰ্মী আছিল যাদৱ লাল নাথ। পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল।

নাথে ২০১৮ চনত চিপিআই (এম)ৰ প্ৰাৰ্থী তথা প্ৰাক্তন অধ্যক্ষ ৰমেন্দ্ৰ চন্দ্ৰ দেৱনাথৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনত পৰাস্ত হৈছিল যদিও ২০২৩ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ত্ৰিপুৰাৰ উত্তৰ জিলাৰ বাগবাছা বিধান সভা সমষ্টিৰ পৰা জয়ী হয়।

ত্ৰিপুৰা বিধানসভাৰ সূত্ৰই জনোৱা মতে, এই কাণ্ড সংঘটিত হৈছে বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনটো অৰ্থাৎ সোমবাৰে।

অৱশ্যে বিধানসভাৰ অধিৱেশনৰ সময়ত বিজেপিৰ বিধায়কগৰাকীয়ে যৌন বিষয়বস্তু চোৱাৰ ভিডিঅ’ কালি গভীৰ নিশাৰ পৰা এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

এতিয়া ভাইৰেল হোৱা ভিডিঅ’টোত তেওঁৰ হাতত এটা টেবলেট দেখা গৈছে য’ত কথিত ভিডিঅ’টো চলি আছিল।

এই ভিডিঅ’টোৰ প্ৰতি নেটিজেনসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলি থকা বিধানসভাৰ অধিৱেশনৰ সময়ত এজন নিৰ্বাচিত প্ৰতিনিধিয়ে এনে কাম কৰাটো অতি ‘লজ্জাজনক’ বুলি অভিহিত কৰে।