বিজেপিয়ে বিধ্বস্ত কৰিছে অৰ্থনীতি, এইবাৰ ৰাইজে তাৰ উত্তৰ দিবঃ CPIMৰ ত্ৰিপুৰা ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰী

6499

চিপিআইএমৰ ত্ৰিপুৰা ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰীয়ে বুধবাৰে শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই ৰাজ্যখনৰ অৰ্থনৈতিক মেৰুদণ্ড শাসকীয় দলটোৱে ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে।

জিতেন্দ্ৰ চৌধুৰীয়ে কয়, ‘জনতাৰ ধন লুণ্ঠন কৰিছে দুৰ্নীতিগ্ৰস্ত বিজেপিয়ে। বিগত দুবছৰত বিজেপিৰ বিধায়কৰ সম্পদ যথেষ্ট বৃদ্ধি পাইছে। ক’ৰ পৰা আহি আছে টকা? জনকল্যাণৰ বাবে নিৰ্ধাৰিত ধনে ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচিত সদস্যসকলৰ পকেট গৰম কৰিছে।”

বামুটীয়াত আয়োজন কৰা ৰাজনৈতিক সভাত ভাষণ দি বিজেপিক এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে চিপিআইএমৰ নেতা গৰাকীয়ে।

চৌধুৰীৰ মতে, নির্বাচনৰ দিন কাষ চপাৰ লগে লগে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে পুনৰ জনসাধাৰণৰ সৈতে হেতালি খেলাৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা কৰিব।

তেওঁ কয়, ‘২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত যিদৰে ৰাইজক প্ৰতাৰণা কৰিবলৈ দিল্লীৰ পৰা নেতাৰ সোত বৈছিল, আকৌ এবাৰ আপোনালোকৰ ভোট বিচাৰিব কিন্তু এইবাৰ ৰাজ্যৰ মানুহ বেছি অভিজ্ঞ। বিজেপিৰ ৰাজনীতিৰ বিষয়ে তেওঁলোক ভালদৰেই জানে”।

শাসকীয় মিত্ৰজোঁটে প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি দাবী কৰি চৌধুৰীয়ে কয়, ‘ডাবল ইঞ্জিন চৰকাৰে নিজৰ ভিজন ডকুমেণ্ট বাস্তৱায়িত কৰিব পৰা নাই। যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া কাৰ্যকৰী কৰা হ’লে অসামাজিক উপাদানৰ সমৰ্থন অবিহনে তেওঁলোকে আত্মবিশ্বাসেৰে জনসাধাৰণৰ সন্মুখীন হ’ব পাৰিলেহেঁতেন।”

‘নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে বিৰোধী দলৰ কৰ্মীৰ ওপৰত হোৱা হিংসাৰ তীব্ৰতাই তীব্ৰ দৃষ্টি নিক্ষেপ কৰিছে। কিন্তু, মই বিজেপিক ক’ব বিচাৰো যে অহা নিৰ্বাচনত ৰাইজে তেওঁলোকক উপযুক্ত উত্তৰ দিবলৈ সাজু হৈছে।” তেওঁ দাবী কৰে।