বিগ বছ তেলেগুৰ সপ্তম সংস্কৰণৰ বিজয়ী পল্লৱ প্ৰশান্তক গ্ৰেপ্তাৰ, কাৰণ…

139

বিগ বছ তেলেগুৰ সপ্তম সংস্কৰণৰ বিজয়ী ঘোষণা কৰাৰ পিছতে সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ বাবে বৃহস্পতিবাৰে নিশা গ্ৰেপ্তা্ৰ কৰা হয় ৰিয়েলিটী শ্ব’টোৰ বিজয়ী পল্লৱ প্ৰশান্তক। এই খবৰে আলোড়ন তুলিছে তেলেগু টিভি উদ্যোগত।

নিউজ ১৮ৰ প্ৰতিবেদন অনুসৰি পল্লৱ প্ৰশান্তক গ্ৰেপ্তাৰ কৰা হৈছে। কোৱা হৈছে যে পল্লৱ প্ৰশান্তই যেতিয়া ‘বিগ বছ ৭’ৰ ট্ৰফী লাভ কৰিছিল তেতিয়া তেওঁৰ অনুৰাগীয়ে শ্ব’টোৰ ৰানাৰ্ছ আপ অমৰদ্বীপ চৌধাৰীৰ গাড়ীৰ গ্লাছ ভাঙি পেলাইছিল। তেওঁৰ লগত বেয়া বেয়া আচৰণ কৰা হৈছিল, তাৰ পিছত আৰক্ষীৰ ওচৰচ অভিযোগ দাখিল কৰা হৈছিল। এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্তৰ বিৰুদ্ধে ১৪৭, ১৪৮, ২৯০, ৩৫৩, ৪২৭ r/w ১৪৯ আইপিচি আৰু ৩ নং ধাৰা পিডিপিপি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। পল্লৱ প্ৰশান্তৰ বিৰুদ্ধে জুবিলী হিলছ থানাত ৰুজু হৈছে এক গোচৰ। পল্লৱ প্ৰশান্ত আৰু তেওঁৰ কনিষ্ঠ ভাতৃ মনোহৰক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, পল্লৱ প্ৰশান্ত হৈছে এজন ইউটিউবাৰ। তেলেংগানাৰ এখন সৰু গাঁৱৰ এজন সাধাৰণ কৃষক পল্লৱ প্ৰশান্তই নিজৰ ব্যক্তিত্বৰে বিগ বছ তেলেগুৰ সপ্তম ছিজনত জয় কৰিবলৈ সক্ষম হৈছিল লাখ লাখ দৰ্শকৰ হৃদয়। এই ৰিয়েলিটী শ্ব’ত বিজয়ী হোৱাৰ পিছত তেওঁ বিগ বছ ট্ৰফীৰ লগতে লাভ কৰিছিল ৩৫ লাখ টকাৰ পুৰস্কাৰ।