নিউজ ডেস্কঃ বিগত ৫ বছৰত সমগ্ৰ দেশত আত্মহত্যা কৰিছে ৩৩ গৰাকী আইআইটিৰ ছাত্ৰই।
বুধবাৰে ৰাজ্যসভাত এই তথ্য সদৰী কৰে শিক্ষা মন্ত্ৰণালয়ে।
ৰাজ্যসভাত দাখিল কৰা তথ্য অনুসৰি ২০১৮ চনৰ পৰা সমগ্ৰ ইণ্ডিয়ান ইনষ্টিটিউটছ অৱ টেকন’লজি (আই আই টি)ত আত্মহত্যাৰ ফলত ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছে।
মুঠতে এই সময়ছোৱাত আই আই টি, নেশ্যনেল ইনষ্টিটিউট অৱ টেকন’লজি (এন আই টি) আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম)ত ৬১টা আত্মহত্যাৰ গোচৰ পঞ্জীয়ন কৰা হৈছে।
আত্মহত্যাৰ ঘটনাৰ আধাতকৈ অধিক সংঘটিত হৈছে আই আই টিত। তাৰ পিছতে আছে এন আই টি (২৪) আৰু আই আই এম (৪)।
২০১৮-২০২৩ বৰ্ষৰ এই তথ্যসমূহ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ এল হনুমন্তইয়াৰ এক প্ৰশ্নৰ উত্তৰত প্ৰকাশ কৰে শিক্ষা মন্ত্ৰণালয়ে।
ৰাজ্যিক শিক্ষামন্ত্ৰী সুভাষ সৰকাৰৰ লিখিত সঁহাৰি অনুসৰি, ‘শৈক্ষিক মানসিক চাপ, পাৰিবাৰিক কাৰণ, ব্যক্তিগত কাৰণ, মানসিক স্বাস্থ্যৰ সমস্যা ইত্যাদি এনে আত্মহত্যাৰ ঘটনাৰ কিছুমান কাৰণ।
আত্মহত্যাৰ ধাৰাবাহিকতাই প্ৰধান প্ৰতিষ্ঠানসমূহত মানসিক স্বাস্থ্য আৰু জাতিভিত্তিক বৈষম্যৰ অৱস্থাৰ ওপৰত বিতৰ্কৰ সূচনা কৰিছে।
২০২১ চনৰ ডিচেম্বৰ মাহত চৰকাৰে লোকসভাক জনাইছিল যে ২০১৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনত উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ১২২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰি মৃত্যুবৰণ কৰিছিল।