বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এমাডিমাসহ ৪ জনৰ…

274

ৰাজধানী দিল্লীৰ সহদৰা অঞ্চলৰ এটা বহুমহলীয়া অট্টালিকাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটে এটি ৯ মহীয়া কেঁচুৱাসহ মুঠ ৪জন লোকে। ইফালে অগ্নিকাণ্ডত আন দুজনো গুৰুতৰভাৱে আহত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি শুকুৰবাৰে বিয়লি প্ৰায় ৫:২২ বজাত ফোনযোগে এই অগ্নিকাণ্ডৰ বিষয়ে জানিবলৈ পায়। লগে লগে পাঁচখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। সেই সময়ত বহুমহলীয়া অট্টালিকাটোৰ তলৰ মহলালৈ জুই বিয়পি পৰিছিল। আৰু সেইবাবেই উশাহ-নিশাহৰ সমস্যাৰ বাবে ৯ মহীয়া শিশুটিৰ মৃত্যু হয়। এই অগ্নিকাণ্ডত ২৮ আৰু ৪০ বছৰীয়া দুগৰাকী মহিলা আৰু ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

অগ্নিনিৰ্বাপক বাহিনীৰ অতুল গাৰ্গে জানিবলৈ দিয়া মতে, অট্টালিকাৰ তলৰ মহলাত ৰবৰ কাটিং মেচিন, ৱাইপাৰ আৰু অন্যান্য সঁজুলি ৰখা হৈছিল। তেনেকৈয়ে বিয়পি পৰে জুই। তাৰ পৰা মুঠ ৬ জন লোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে, আৰক্ষীয়ে জনোৱা মতে, অগ্নিনিৰ্বাপক বাহিনী তাত উপস্থিত হোৱাৰ লগে লগে এটা শিশুসহ আন তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে শিশুসহ মুঠ চাৰিজন লোকক মৃত বুলি ঘোষণা কৰে। সম্প্ৰতি এগৰাকী ১৬ বছৰীয়া কিশোৰী আৰু এগৰাকী ৭০ বছৰীয়া মহিলা চিকিৎসাধীন হৈ আছে।

জুইৰ সূত্ৰপাত কিদৰে হ’ল সেই বিষয়ে সঠিকভাৱে জানিবলৈ এটা তদন্তকাৰী দল গঠন কৰা হৈছে। চাৰি মহলীয়া অট্টালিকাটোৰ স্বত্বাধিকাৰী ভাৰত সিঙে দুটা মহলা ভাড়াত দিছিল। তেওঁৰ অট্টালিকাত পৰ্যাপ্ত পৰিমাণৰ জুই নিৰ্বাপন ব্যৱস্থা আছিল নে নাই সেই বিষয়ে তদন্ত চলি আছে। ইতিমধ্যে ফৰেনছিক দলটোৱে সেই স্থান পৰিদৰ্শন কৰিছে। খবৰ পোৱা গৈছে যে আজি অৰ্থাৎ শনিবাৰে তেওঁলোকে পুনৰ আহি পৰীক্ষাৰ অন্তত প্ৰতিবেদন দাখিল কৰিব।