ফেৰীৱালাৰ ভেশ লৈ ত্ৰিপুৰাত বাহৰ ১২ বাংলাদেশীৰ, গ্ৰেপ্তাৰ

379

ঠাণ্ডাৰ দিনৰ কাপোৰ বিক্ৰেতাৰ বেশত ত্ৰিপুৰাত বাহৰ পাতি থকা ১২জন বাংলাদেশী নাগৰিকক শনিবাৰে নিশা ত্ৰিপুৰাৰ খোৱাই জিলাৰ অন্তৰ্গত তেলিয়ামুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্ত লোককেইজনে স্থানীয় অঞ্চলত উত্তৰ প্ৰদেশ আৰু অসমৰ পৰা প্ৰব্ৰজিত ব্যৱসায়ী বুলি পৰিচয় দি ঘৰ ভাড়ালৈ লৈ বাহৰ পাতিছিল।

জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীয়ে কয়, “শীতকাল আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে টেলিয়ামুৰাত এটা কোঠা ভাড়াত লৈছিল। আমি গম পালোঁ যে তেওঁলোকে আগতে ঘৰে ঘৰে ফেৰীৰে শীতকালীন কাপোৰ বিক্ৰী কৰিছিল। অসম আৰু উত্তৰ প্ৰদেশৰ ভুৱা পৰিচয় পত্ৰৰে ঘৰৰ মালিকৰ চকুত ধূলি দি আহিছিল।’

এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে গভীৰ নিশা অভিযান চলাই ভাড়াঘৰত আবদ্ধ কৰি ৰাখে। প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ পৰিচয় খণ্ডন কৰিছিল যদিও পিছত আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল যে তেওঁলোকে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

তেওঁলোকে একাধিক অবৈধ পথ ব্যৱহাৰ কৰি তেলিয়ামুৰাত উপস্থিত হৈ তাত বসতি স্থাপন কৰে। আটাইকেইজনেই বাংলাদেশৰ গোপালগঞ্জ অঞ্চলৰ।

‘চেল ফোন ৰেকৰ্ডৰ পৰা জানিব পৰা গৈছে যে আটক কৰা লোকসকলৰ একাংশ আত্মীয় বংগত বাস কৰি আছে। ইয়াত তেওঁলোকে বিক্ৰী কৰা কাপোৰবোৰ তাত থকা তেওঁলোকৰ আত্মীয়ৰ সহায়ত পশ্চিম বংগৰ পৰা অনা হয় বুলি আৰক্ষীয়ে লগতে কয়।