দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, নতুনকৈ আক্ৰান্ত…

320

দেশত পুনৰ এবাৰ বৃদ্ধি পাইছে কোভিডৰ আতংক। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ৬২৮ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনা মহামাৰীত। ইয়াৰ লগে লগে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০৫৪ লৈ বৃদ্ধি পাইছে।

সোমবাৰৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত কেৰালাৰ পৰা এজন নতুনকৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ পিছত কোভিডত মৃত্যু ঘটা ৰোগীৰ সংখ্যা ৫.৩৩ লাখলৈ বৃদ্ধি পাইছে।

বৰ্তমান দেশত কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪.৫০ কোটি।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯৮.৮১ শতাংশ। ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি ২২০.৬৭ কোটি কোভিড ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে।