ফাংনোক কন্যাক নাগালেণ্ডৰ একমাত্ৰ ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান বিজেপিৰ

111

ৰাজ্যসভা নিৰ্বাচনৰ বাবে চূড়ান্ত নাগালেণ্ডৰ এখন আসনৰ বিজেপি প্ৰাৰ্থী।

ফাংনোন কন্যাক প্ৰদান কৰা হৈছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব।

বৰ্তমান নাগালেণ্ড বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী ফাংনোল কন্যাক।

উল্লেখযোগ্য যে অসমৰ দুখন আসনৰ লগতে নাগালেণ্ডৰ একমাত্ৰ আসনখনৰ বাবেও অনুষ্ঠিত হ’ব নিৰ্বাচন।

অৱশ্যে এতিয়াও মনোনয়ন পত্ৰ দাখিল কৰা নাই কন্যাকে।

ফাংনোন কন্যাক ৰাজ্যসভালৈ নিৰ্বাচিত হ’লে তেওঁ হ’ব নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যসভাৰ সাংসদ।

১৯৬৩ চনৰে পৰা বৰ্তমানলৈ নাগালেণ্ডৰ পৰা কেৱল এগৰাকী মহিলাহে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

তেওঁ হৈছে ৰানো এম ছাইজা।

১৯৭৭ চনত লোকসভালৈ নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছিল তেওঁ।

কিন্তু ৰাজ্যসভালৈ কোনো মহিলা প্ৰাৰ্থী নিৰ্বাচিত হোৱা নাই আজিলৈ।

আনহাতে, নাগালেণ্ড বিধানসভালৈও এইপৰ্যন্ত কোনো মহিলা বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা নাই।