প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি

329

নিউজ ডেস্ক : প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি । ৰঙিয়াৰ স্বস্তি হাস্পিতালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকীক । দীৰ্ঘদিনে হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো । দেহৰ বিভিন্ন ঠাইত পানী জমা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ । উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ । অসম চৰকাৰৰ শিক্ষা আৰু ৰাজহ মন্ত্ৰীৰ লগতে ৰঙিয়া সমষ্টিৰ ৩ বাৰকৈ বিধায়ক আছিল থানেশ্বৰ বড়ো । এই খবৰ বিয়পি পৰাৰ পিছতে আত্মীয়ৰ লগতে বহু লোকৰ ভিৰ চিকিৎসালয়ত ।