পিডিপি- নেচনেল কনফাৰেন্সে পৃথক-পৃথক কৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা

195

“ইণ্ডিয়া” মহাজোঁটৰ অংশীদাৰ আৰু জম্মু আৰু কাশ্মীৰৰ দুটা ৰাজনৈতিক দল পিডিপি আৰু নেচনেল কনফাৰেন্সে উপত্যকাৰ তিনিখন লোকসভা আসনত দুয়োটা দলে ইজনে আনজনৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। পূৰ্বে দুয়োটা দলে কেন্দ্ৰীয় শাসিত অঞ্চলত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি আলোচনা চলি আছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো সম্ভৱ হৈ নুঠিল। এতিয়া দুয়োটা দলৰ মাজত অভিযোগ – প্ৰতি অভিযোগহে আৰম্ভ হৈছে। এই সন্দৰ্ভত মেহবুবা মুফতীয়ে কয় যে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই তেওঁৰ বাবে কোনো বিকল্প এৰি দিয়া নাই। তেওঁৰ বক্তব্যৰ ওপৰত ওমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে যেতিয়া ২০২০ চনত জিলা পৰিষদৰ নিৰ্বাচনৰ সময়ত গুপকাৰ এলায়েন্স গঠন কৰা হৈছিল, পিডিপিয়ে সেই সময়ত হোৱা চুক্তিৰ পৰা আঁতৰি আহিছিল। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মেহবুবা মুফতীয়ে কয়, “তেওঁলোকে (নেচনেল কনফাৰেন্সে) কাশ্মীৰৰ তিনিওখন আসনতে প্ৰতিদ্বন্দিতা কৰাৰ বাহিৰে আমাক কোনো বিকল্প নাছিল। দলৰ সংসদীয় পৰিষদে প্ৰাৰ্থীসকলৰ বিষয়ে সিদ্ধান্ত ল’ব।”
যেতিয়া কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সত আসন ভাগ-বতৰাৰ বিষয়ে আলোচনা হৈছিল, এনচিয়ে স্পষ্ট কৰি দিছিল যে তেওঁলোকে উপত্যকাৰ তিনিখন আসনত প্ৰতিদ্বন্দিতা কৰিব কিয়নো তেওঁলোকে ২০১৯ চনত এই আসনবোৰ জিকিছিল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুফতীয়ে কয়- যেতিয়া মুম্বাইত “ইণ্ডিয়া” মহাজোঁটৰ বৈঠক অনুষ্ঠিত হৈছিল, মই তাত কৈছিলো যে যিহেতু (এনচি সভাপতি) ফাৰুক আব্দুল্লা আমাৰ জ্যেষ্ঠ নেতা, তেওঁ সিদ্ধান্ত ল’ব (আসন ভাগ-বতৰাৰ ক্ষেত্ৰত) আৰু ন্যায় কৰিব। মই আশা কৰিছিলো যে তেওঁ দলৰ স্বাৰ্থক আঁতৰাই ৰাখি সিদ্ধান্ত ল’ব।যদি এনচিয়ে সিদ্ধান্ত লোৱাৰ আগতে আমাৰ সৈতে কথা পাতিলেহেঁতেন, আমি কাশ্মীৰৰ স্বাৰ্থত তিনিখন আসনত প্ৰতিদ্বন্দিতা নকৰাৰ কথা ভাবিলোহেঁতেন। কিন্তু, যিদৰে ওমৰে (আব্দুল্লাহ) আমাক বিশ্বাসত নোলোৱাকৈ সিদ্ধান্তটো লৈছে আৰু কৈছে যে পিডিপিৰ কোনো কৰ্মী বা সমৰ্থন নাই, সেয়েহে আমি এখনো আসন জিকিব নোৱাৰিম। ই মোৰ সমৰ্থকসকলক আঘাত হানিছে। সেই বাবে পৃথক পৃথককৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছোঁ।