পাঁচ সহস্ৰাধিক দুখীয়া লোকৰ মাজত খাদ্য সামগ্রী বিতৰণ

80

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : বিশিষ্ট সমাজ কৰ্মী ৰানা প্ৰতাপ তালুকদাৰৰ নেতৃত্বত সোমবাৰে
পাঁচ সহস্ৰাধিক লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। বকো-ছয়গাৱৰ লগতে গুৱাহাটী মহানগৰীৰ বেলতলা, ভেটাপাৰাৰ বিষ্ণুমন্দিৰ ,গণেশ নগৰ আদি অঞ্চলৰ পাঁচ সহস্ৰাধিক লোকক সাহায্য প্ৰদান কৰে বেলতলা ভেটাপাৰাৰ স্থানীয় নিবাসী তথা বিশিষ্ট সমাজকৰ্মী ৰানা প্ৰতাপ তালুকদাৰে । এই সাহায্যৰ ভিতৰত আছে চাউল,দাইল আলু,তেলকে আদি নি সামগ্ৰী। কৰ’না মহামাৰীয়ে পৃথিৱীত ভয়াবহ ৰূপ ধাৰণ কৰাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পিছতে সমাজকৰ্মী গৰাকীয়ে নিজাববীয়াকৈ আৰ্তজনক সহায় কৰাৰ বাবে ব্যবস্থা গ্ৰহণ কৰে ।ইতিমধ্যে তেওঁ পাঁচ সহস্ৰাধিক লোকক আগবঢ়োৱাৰ উপৰি আগন্তুক সময়তো অনেক দুৰ্গতজনক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে ।