পথ দুৰ্ঘটনাত পতিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি…

88

নিউজ ডেস্কঃ এক পথ দুৰ্ঘটনাত পতিত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কি। বৃহস্পতিবাৰে কিভৰ মাজেৰে ৰাষ্ট্ৰপতিগৰাকীৰ মটৰকেড পাৰ হোৱাৰ সময়তে এজন মটৰচাইকেল আৰোহীয়ে কঢ়িয়াই অনা এখন বাহনৰ সৈতে সংঘৰ্ষ ঘটে। অৱশ্যে দুৰ্ঘটনাত জেলেনস্কিয়ে কোনো বিশেষ আঘাত পোৱা নাই বুলি জানিবলৈ দিয়ে ইউক্ৰেইনৰ মুখপাত্ৰই।

স্থানীয় সময় অনুসৰি পুৱা ১:২২ বজাত ফেচবুকত প্ৰকাশ কৰা এক বিবৃতিত মুখপাত্ৰ ছাৰ্জি নিকিফ’ৰভে কয় যে কিয়েভত এখন যাত্ৰীবাহী গাড়ী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ গাড়ী আৰু এস্কৰ্ট বাহনৰ সৈতে সংঘৰ্ষ হয়।

তেওঁ আৰু কয়, ‘ৰাষ্ট্ৰপতিৰ লগত অহা চিকিৎসকসকলে যাত্ৰীবাহী গাড়ীখনৰ চালকজনক জৰুৰীকালীন সাহায্য প্ৰদান কৰি এম্বুলেন্সযোগে হাস্পতাললৈ প্ৰেৰণ কৰে।

“ৰাষ্ট্ৰপতিগৰাকীক চিকিৎসকে পৰীক্ষা কৰিছিল, কোনো গুৰুতৰ আঘাত ধৰা পৰা নাছিল। আইন প্ৰয়োগকাৰী বিষয়াসকলে দুৰ্ঘটনাৰ সকলো পৰিস্থিতিৰ তদন্ত কৰিব।”

দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে তেওঁৰ নিশাৰ টেলিভিছন ভাষণত, যাৰ ভিডিঅ’ পোষ্ট কৰা হৈছিল, জেলেনস্কিয়ে কয় যে তেওঁ মাত্ৰ খাৰ্কিভৰ আশে-পাশে থকা অঞ্চলৰ পৰা উভতি আহিছে আৰু লগতে কয় যে ৰাছিয়াৰ সৈন্যক উচ্ছেদ কৰিবলৈ বজ্ৰপাতৰ দৰে প্ৰত্যাক্ৰমণৰ পিছত “প্ৰায় সমগ্ৰ অঞ্চলটো দখলমুক্ত কৰা হৈছে।’’