পত্নীৰ পৰা ধন দাবী কৰি শাৰীৰিক-মানসিক অত্যাচাৰ খোদ আৰক্ষী বিষয়াৰ, গোচৰ ৰুজু

143

খাকী পোছাকত দাগ লগাই নিজৰ পত্নীক যৌতুক বিচাৰি শাৰীৰিক-মানসিক খোদ আৰক্ষী বিষয়াৰ।

ত্ৰিপুৰা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক উত্তম বনিকৰ পত্নী সুপৰ্ণা দাসে সোমবাৰে পশ্চিম আগৰতলা মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে।

ঘটনাৰ পিছতে ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধানে উত্তমক ছেপাহিজালা জিলাৰ পদৰ পৰা অপসাৰণ কৰি আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ত সংলগ্ন কৰে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী বিষয়াগৰাকীৰ পত্নী সুপৰ্ণা দাসে প্ৰকাশ কৰে যে ২০১২ চনৰ মাৰ্চ মাহত সেই সময়ত উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত উত্তম বানিকৰ বিয়া হৈছিল।

‘আমাৰ বিয়াৰ তিনিমাহৰ পাছত উত্তম আৰু তেওঁৰ মাকে মোক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে, ধন দাবী কৰিলে, আনকি শাৰীৰিক নিৰ্যাতনৰ আশ্ৰয়ও ল’লে। সেই বছৰতে তেওঁ গাড়ীৰ কিস্তি পৰিশোধ কৰিবলৈ ৫০ হাজাৰ টকা দাবী কৰিছিল। মায়ে টকাখিনি উত্তমৰ মাকক দিলে। কিন্তু হাৰাশাস্তি বন্ধ নহ’ল আৰু তাৰ পৰিৱৰ্তে তীব্ৰতৰ হৈ পৰিল।’- অভিযোগ কৰে পত্নীয়ে।

সুপৰ্ণা দাসে লগতে দাবী কৰে যে তেওঁ এই বিষয়টো আনৰ লগত আলোচনা কৰাৰ পৰা বিৰত আছিল, কাৰণ এইটো এটা পাৰিবাৰিক বিষয় আছিল, আৰু তেওঁ আভ্যন্তৰীণভাৱে সমাধানৰ চেষ্টা কৰিছিল, যিটো দুৰ্ভাগ্যজনকভাৱে কেতিয়াও নহ’ল।

‘২০২১ চনত উত্তমে এটুকুৰা মাটি ক্ৰয় কৰি পুনৰ ধন দাবী কৰিছিল, এইবাৰ ঘৰ নিৰ্মাণৰ বাবে। এইবাৰ মানিবলৈ অস্বীকাৰ কৰিলোঁ। ফলস্বৰূপে তেওঁ মোক মৌখিক গালি-গালাজ, আৰু শাৰীৰিক নিৰ্যাতনৰ বলি কৰিছিল আৰু আনৰ পৰা ধন লাভ কৰিবলৈ হেঁচা দিছিল। উত্তমৰ ফোনত আন ছোৱালীৰ সৈতে থকা স্পষ্ট ফটো আৰু ভিডিঅ’ও উদ্ধাৰ কৰিলোঁ। এই বিষয়ে মই যেতিয়া তেওঁৰ সৈতে মুখামুখি হ’লোঁ, তেতিয়া তেওঁ ভাবুকিৰ আশ্ৰয় লৈছিল, মোক সকীয়াই দিছিল যে তেওঁ মোৰ সুনাম কলংকিত কৰিব। মাত্ৰ কেইদিনমান আগতে তেওঁ আৰু মাকে মোক শাৰীৰিক নিৰ্যাতন চলাইছিল। এই কাৰণেই মই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আগবাঢ়ি আহিছো। মোৰ ফোনটো নিৰীক্ষণ কৰি মোৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালক ভাবুকি দিয়ে। মই তেওঁৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা বিচাৰিছো।’-মহিলাগৰাকীয়ে উল্লেখ কৰে।

এফ আই আৰ নিশ্চিত কৰি সহকাৰী আৰক্ষী মহাপৰিদৰ্শক জ্যোতিষ্মান দাস চৌধুৰীয়ে কয়, ‘উত্তম বনিকৰ বিৰুদ্ধে অভিযোগ আমি লাভ কৰিছো আৰু লগে লগে আমি তেওঁক সেই পদৰ পৰা আঁতৰাই পি এইচ কিউৰ সৈতে সংলগ্ন কৰিছো। এতিয়া তেওঁক জাননী দিয়া হ’ব”।