মহাৰাষ্ট্ৰৰ আহেৰী মহকুমাৰ কাপেৱানচা বনাঞ্চলত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজৰ সংঘৰ্ষত এগৰাকী মহিলা মাওবাদী বিদ্ৰোহী নিহত হোৱা বুলি আৰক্ষীয়ে জনায়।
এজন শীৰ্ষ বিষয়াৰ মতে, আহেৰী আৰু পাৰ্মিলি গোটৰ নিষিদ্ধ চিপিআই (মাওবাদী)ৰ ৩০-৪০জন কেডাৰে অঞ্চলটোত আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা কৰা বুলি এক গোপন খবৰ লাভ কৰাৰ পিছতে বুধবাৰে সন্ধিয়া নিৰাপত্তা বাহিনীয়ে মাওবাদী বিৰোধী অভিযান আৰম্ভ কৰে।
বিষয়াগৰাকীয়ে কয়, ‘চি-৬০ স্কোয়াডৰ ক্ৰেক কমাণ্ডোসকলে হাবিত তালাচী চলাই থকাৰ সময়তে লুকাই থকা উগ্ৰপন্থীসকলে হঠাতে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে।
“চি-৬০ কমাণ্ডোৱে মাওবাদীসকলক গুলীচালনা বন্ধ কৰি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায়, কিন্তু তেওঁলোকে নকৰি গুলীচালনা অব্যাহত ৰাখিছিল। চি-৬০ কমাণ্ডোসকলে আত্মৰক্ষাৰ বাবে জোৰদাৰভাৱে প্ৰতিশোধ লয়।’-তেওঁ লগতে কয়।
ডাঠ বনাঞ্চলৰ সুযোগ লৈ পলায়ন কৰে মাওবাদীয়ে।
এনকাউণ্টাৰ শেষ হোৱাৰ পিছত নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত কম্বিং অভিযান চলাই গাঢ় সেউজীয়া ৰঙৰ ইউনিফৰ্ম পৰিহিত এগৰাকী মহিলা মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰে, যাৰ পৰিচয় নিৰ্ণয় কৰা হৈছে।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৮ এম এম ৰাইফল, গোলাবাৰুদ আৰু দৈনিক অত্যাৱশ্যকীয় সামগ্ৰী উদ্ধাৰ কৰে।