নাগালেণ্ডত কৰ্মক্ষেত্ৰৰ পৰা ঘৰলৈ উভতা শ্ৰমিকৰ বাহনলৈ নিৰপত্তাৰক্ষীৰ গুলিচালনা, কমেও ১১ জনৰ মৃত্যু

113

শনিবাৰে সন্ধিয়া নাগালেণ্ডৰ মন জিলাত নিৰাপত্তাৰক্ষীৰ গুলীচালনাৰ কমেও ১১ জন লোক নিহত হয়। আনহাতে এই ঘটনাৰ পিছত ক্ষোভিত জনতাৰ আক্ৰমণত এজন নিৰপত্তাৰক্ষী জোৱানৰো মৃত্যু ঘটে। অঞ্চলটোত উত্তেজনা এতিয়াও অব্যাহত আছে।

খবৰ অনুসৰি, মন জিলাৰ ওটিং গাঁৱত সংঘটিত হয় এই গুলিচালনাৰ ঘটনা। গাঁওখনৰ দিন হাজিৰা কৰা একাংশ শ্ৰমিক সন্ধিয়া পিক আপ ভানেৰে ঘৰলৈ উভতাৰ সময়তে অসম ৰাইফলছে গুলিচালনা কৰে। যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু ঘটে আৰু বহু লোক আহত হয়। ইফালে এই ঘটনাৰ পিছত উত্তেজিত জনতাই সুৰক্ষা বাহিনীৰ দুখন বাহনত অগ্নিসংযোগ কৰে।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি জনসাধাৰণক শান্তিৰ বাবে আহ্বান জনায়। ঘটনাটোৰ তদন্ত বিশেষ অনুসন্ধানকাৰী দলে (এছআইটি) কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

ঘটনাটোক গৰিহণা দি মুখ্যমন্ত্ৰীয়ে দেওবাৰে পুৱা টুইট কৰি কয়, “মনৰ ওটিংত সাধাৰণ লোকৰ হত্যাৰ দুৰ্ভাগ্যজনক ঘটনা অত্যন্ত নিন্দনীয়। মই ভুক্তভোগী সকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছো। মই আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো। উচ্চ পৰ্যায়ৰ এছআইটিয়ে গোচৰটোৰ তদন্ত কৰিব আৰু আইন অনুসৰি ন্যায় কৰা হ’ব। মই সকলো শ্ৰেণীৰ লোকক শান্তিৰ বাবে আহ্বান জনাইছো।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘটনাটোত শোক প্ৰকাশ কৰি টুইট কৰে, “নাগালেণ্ডৰ মনৰ ওটিংত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত দুখিত হৈছোঁ। যিসকলে প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত এটা উচ্চ পৰ্যায়ৰ এছআইটি দলে ঘটনাটোৰ তদন্ত কৰিব। যাতে অসুখী পৰিয়ালবোৰক ন্যায় দিব পৰা যায়।”

ভাৰতীয় সেনাই এক বিবৃতিত কয় যে মানুহৰ মৃত্যুৰ পিছত গাওঁবাসীৰ হিংসাত সুৰক্ষা বাহিনীৰ জোৱানসকলও আহত হয়। সেনাই কয় যে আক্ৰমণৰ সময়ত মানুহৰ মৃত্যু হৈছিল।

ৰাজ্যিক আইপিএছ বিষয়া ৰূপিন শৰ্মাই ঘটনাটোৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰি লিখিছে যে নিৰাপত্তা বাহিনীকে ধৰি ওটিং গাঁৱত কেইবাজনো নাগৰিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে, তেওঁ পিছত ভিডিঅ’টো বিলোপ কৰে। তেওঁ বাহনত সংঘটিত অগ্নিকাণ্ডৰ ফটোও শ্বেয়াৰ কৰে আৰু লিখে যে ঘটনাটোৰ পিছত স্থানীয় লোকে নিৰাপত্তাৰক্ষীৰ বাহনত জুই লগাই দিয়ে।