ঋতু পৰ্ণ শৰ্মা, নগাঁওঃ ৰামধেনু যুগৰ গল্পকাৰ বিশিষ্ট সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাৰ মংগলবাৰে ৭৯সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ এই উপলক্ষে সাপ্তাহিক কাকত “অসম প্ৰবাহ”ৰ উদ্যোগত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱীৰ তোডী ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যিকগৰাকীক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা বিভিন্নজনে ওপজা দিনৰ ওলগ জনায় ৷

বিয়লি ২বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানতে “অসম প্ৰৱাহ” কাকতগোষ্ঠীৰ তৰফৰ পৰা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাক প্ৰয়াত মুক্তিযোদ্ধা উমা ফুকনৰ সোঁৱৰণত “অসম প্ৰৱাহ সাহিত্য বঁটা -২০২১” প্ৰদান কৰা হয় । এই বঁটাত আছে মানপত্ৰৰ উপৰি গামোচা, চেলেং, শৰাই, জাপি, স্মাৰক আৰু নগদ ১০ হাজাৰ টকা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক ড° উমেশ ডেকাই সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাৰ লগত ৩৫ বছৰীয়া সান্নিধ্যৰ কথা উল্লেখ কৰি কয় যে ভাতৃত্বৰ এনাজৰী ডাল আজিও অটুট আছে৷ মানুহ জীয়াই থাকে মানুহৰ মাজত, জনতাৰ মাজত।

প্ৰয়াত সাহিত্যিক হিতেশ ডেকাৰ কথা উল্লেখ কৰি ড° ডেকাই কয় মোৰ পিতৃৰ জনপ্ৰিয়তাৰ বাবেই তেওঁ আজিও মানুহৰ মাজত জীয়াই আছে৷ প্ৰসংগ ক্ৰমে ড° ডেকাই কয় যে বট বৃক্ষৰ তলত এৰা বৃক্ষ কেতিয়াও ডাঙৰ হ’ব নোৱাৰে৷ প্ৰগতিশীল লিখক, প্ৰগতিশীল মানুহ, সদায়েই সমাজৰ লগতে জীৱনৰ প্ৰতি দায়বদ্ধ৷ তেওঁলোক ৰজাঘৰৰ ওচৰত দায়বদ্ধ নহয়৷ ৰজাৰ বঁটা গ্ৰহণ কৰিলেই মানুহ হ’ব নোৱাৰে৷ সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাই সাহিত্য অকাডেমী বঁটা নোপোৱাৰ বিষয়ে অনুষ্ঠানত দুই একে বক্তৃতা দিয়াৰ সন্দৰ্ভত মন্তব্য কৰি ড° ডেকাই কয় মোৰ পিতৃ প্ৰয়াত সাহিত্যিক হিতেশে ডেকাই সাহিত্য অকাডেমী বঁটা পোৱা নাছিল৷ সৰ্ব্বজন শ্ৰদ্ধেয় পণ্ডিত মহেশ্বৰ নেওগ, প্ৰফুল্ল চন্দ্ৰ গোস্বামীকে ধৰি বহুতো সাহিত্য অকাডেমী বঁটা পোৱা নাই। কিন্তু তেওঁলোক নিজৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজীৰ মাজেৰে আজিও মানুহৰ মাজত জীয়াই আছে৷ সাহিত্য অকাডেমী বঁটা পোৱা বহুতকে ৰাইজে নাজানে বুলি ড° ডেকাই তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৷

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই শুভাৰম্ভ কৰা অনুষ্ঠানত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপিকা ড° বৃষ্টি কলিতাই সাহিত্যিক গৰাকীৰ সাহিত্য কৃতিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি কয় যে ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সৃষ্টিত সদায়েই এটা নতুন বাৰ্তা পোৱা যায় ৷ তেওঁ সাহিত্যত সদায় চহা জীৱন আৰু প্ৰকৃতিৰ বিষয়ে উমান পোৱা যায়৷ বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনে ভদ্ৰেশ্বৰ ৰাজখোৱাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে উল্লেখ কৰে৷
“অসম প্ৰৱাহ”ৰ কাৰ্যবাহী সম্পাদক প্ৰাঞ্জল বৰদলৈ আঁত ধৰা অনুষ্ঠানত লিখক হৰিদেৱ মহন্ত, সাহিত্যিক ৰতি মোহন নাথ, থগিত মহন্ত, ড° অমিয়া পাটৰ, দিপ্তী বৰা, স্বপ্না কলিতা, নিবেদিতা শইকীয়া বৰুৱাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত “অসম প্ৰৱাহ”ৰ পৰিচালন সঞ্চালক প্ৰকাশ বৰা আৰু সম্পাদক প্ৰণতি বৰাই কাকতখনৰ বিষয়ে বক্তব্য ৰাখে। উল্লেখ্য যে সম্প্ৰতি নগাঁও চহৰৰ সমীপৰ খুটিকটীয়াৰ বাসিন্দা ভদ্ৰেশ্বৰ ৰাজখোৱাৰ পিতৃ প্ৰয়াত পূৰ্ণ কান্ত ৰাজখোৱা আৰু মাতৃ প্ৰয়াত ঘুনুচা ৰাজখোৱা ।
